Thursday, 05 November 2026
লগইন
ব্ৰেকিং

২০৩৫ত বঢ়া-বুঢ়ীৰ চহৰ হৈ পৰিব বেইজিং, কিন্তু কিয় ?

চীনত বুঢ়া-বুঢ়ী চহৰ !

নিউজ ডেস্ক : ২০৩৫ চনৰ ভিতৰত এখন দেশৰ বিশ্বৰ আগশাৰী চহৰত কোটি কোটি লোক বৃদ্ধ হৈ পৰিব । সেই চহৰখন হৈছে চীনৰ ৰাজধানী বেইজিং । চহৰখনত কোটি কোটি লোক অতি-বয়োজ্যেষ্ঠ হৈ পৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে বেইজিং ডেইলি নামৰ প্ৰতিষ্ঠানটোৱে ।

তেওঁলোকে উল্লেখ কৰা অনুসৰি,চহৰখনৰ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশৰে বয়স ৬০ বছৰ বা তাতকৈ অধিক হ’ব । চীনৰ নীতি-নিৰ্ধাৰকসকলে জনসংখ্যা পৰিকল্পনাক দেশখনৰ অৰ্থনৈতিক কৌশলৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গ্ৰহণ কৰিছে আৰু জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ এই বছৰ চৰকাৰে প্ৰায় ১৮০ বিলিয়ন ইউয়ান ($২৬.৯২ বিলিয়ন) সম্ভাৱ্য মুঠ ব্যয়ৰ সন্মুখীন হৈছে ।

শনিবাৰে 'বেইজিং ডেইলি'য়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ২০৩৫ চনৰ ভিতৰত চীনৰ ৰাজধানীখনৰ প্ৰতি তিনিজন বাসিন্দাৰ ভিতৰত এজনৰ বয়স ৬০ বছৰ বা তাতকৈ অধিক হ’ব। বাতৰি কাকতখনৰ মতে, যোৱা বছৰৰ শেষৰ ফালে বেইজিঙত ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ ৫.২৯ নিযুত স্থায়ী বাসিন্দা আছিল, যিটো ইয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-চতুৰ্থাংশ। 

প্ৰতিবেদনত লগতে কোৱা হৈছে যে চহৰখনৰ চৰকাৰে মৌলিক পেঞ্চন বৃদ্ধি কৰাকে ধৰি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাহায্য ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি তুলিছে । ২০২২ চনৰ পৰা চীনৰ জনসংখ্যা হ্ৰাস পাই আহিছে আৰু ই দ্ৰুতগতিত বাৰ্ধক্যৰ ফালে অগ্ৰসৰ হৈছে । ইয়াৰ ফলত ঘৰুৱা ব্যৱহাৰ বৃদ্ধি কৰা আৰু ঋণ নিয়ন্ত্ৰণ কৰাৰ চৰকাৰী পৰিকল্পনাবোৰ জটিল হৈ পৰিছে, কাৰণ এনে এক সময়ত কোটি কোটি লোকে কৰ্মক্ষেত্ৰ ত্যাগ কৰিবলৈ ওলাইছে ।
##bigupdate #newsupdate #china #beijing #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।