Saturday, 07 November 2026
লগইন

বাঁহৰ চাইকেলৰ ওপৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ১৫ কোটি টকীয়া এই প্ৰকল্পটো আৰম্ভৰ উদ্দেশ্য কি?

বাঁহৰ চাইকেলৰ ওপৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গান্ধী জয়ন্তীৰ অৰ্থাৎ ২ অক্টোবৰৰ দিনটোত গুৱাহাটীৰ উজানবজাৰস্থিত সতী ৰাধিকা শান্তি উদ্যানত দেশৰ প্ৰথমটো বাঁহৰ ফ্ৰেমযুক্ত চাইকেল বা ‘অসম বেম্বো চাইকেল’ আনুষ্ঠানিকভাৱে মুকলি কৰে।

এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে, ৰাজ্যখনক বাঁহৰ চাইকেল উৎপাদনৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু বহনক্ষম পৰিবহন ব্যৱস্থাক উদগনি যোগোৱা। 

উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত আয়োজিত মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে এখন চাইকেল চলাই কয় যে, গান্ধী জয়ন্তীৰ পবিত্ৰ ক্ষণত এই অভিনৱ আঁচনিখন শুভাৰম্ভ হোৱা প্ৰত্যক্ষ কৰি তেওঁ অত্যন্ত আনন্দিত হৈছে।

তাৰোপৰি তেওঁ কয় যে, বাইচাইকেলসমূহ গুৱাহাটীৰ বিভিন্ন উদ্যানত প্ৰদৰ্শন কৰা হ’ব। বাইচাইকেলসমূহৰ গুণগত মান আৰু সুৰক্ষা ভাৰতীয় মানক ব্যুৰো আদিকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰমাণিত কৰা হৈছে।

পুনেস্থিত 'বেম্বো ইণ্ডিয়া প্ৰাইভেট লিমিটেডে' ছায়গাঁৱৰ বেম্বো পাৰ্কত চাইকেল নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰকল্পটোৰ জৰিয়তে প্ৰথম বছৰত ৫০ ৰ পৰা ১০০ টা কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

প্ৰথম পৰ্যায়ত কোম্পানীটোৱে প্ৰতি মাহে প্ৰায় ১,০০০ খন চাইকেল নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে।

“যদি ৰাইজৰ সঁহাৰি ইতিবাচক হয়, তেন্তে ৰাজ্য চৰকাৰে ভৱিষ্যতে বাঁহৰ চাইকেল নিৰ্মাণ কাৰ্যত সহায়-সহযোগিতা আগবঢ়াব,” বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ইয়াৰ লগতে তেওঁ কয় যে, বাঁহৰ চাইকেল নিৰ্মাণে অসমত বহনক্ষম পৰিবহনৰ দিশত এক নতুন পদক্ষেপ চিহ্নিত কৰিব।

সামাজিক মাধ্যমত এটা পোষ্টযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই বাঁহৰ চাইকেলসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে গুৱাহাটীৰ বিভিন্ন পাৰ্কত জনসাধাৰণৰ বাবে উপলব্ধ কৰোৱা হ’ব, যাতে মানুহে এইবোৰ চলাব পাৰে আৰু নিজৰ মতামত বা প্ৰতিক্ৰিয়া আগবঢ়াব পাৰে।

উদ্যোগ বিশেষজ্ঞসকলৰ মতে, বাহৰ পৰিৱেশ-অনুকূল প্ৰকৃতি, শক্তি আৰু নৱীকৰণযোগ্য গুণৰ বাবে বাহৰ চাইকেলৰ ফ্ৰেমৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। ঘানা, কেনিয়া, জাম্বিয়া, ফিলিপাইন, থাইলেণ্ড, ভিয়েটনাম আৰু বাংলাদেশ আদিকে ধৰি বিভিন্ন দেশত বাহৰ চাইকেল নিৰ্মাণ বা সংযোজন কৰা হয়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বাঁহভিত্তিক উদ্যোগৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে, বাঁহৰ পৰা প্ৰায় ৮০০ বিধ সামগ্ৰী তৈয়াৰ কৰিব পৰা যায়। তেওঁ কয় যে, বাঁহ ব্যৱহাৰ কৰি টাইলছ, মিথানল, ইথানল আৰু বহনক্ষম বিমান ইন্ধন উৎপাদন কৰিব পৰা যাব।

তাৰোপৰি তেওঁ কয় যে, অসমত ৫১ টাৰো অধিক থলুৱা বাঁহৰ প্ৰজাতি আছে আৰু ২.২৩ নিযুত হেক্টৰ ভূমি বাঁহ খেতিৰ অধীনত আছে। ভাৰতৰ আনুমানিক প্ৰায় ৯০ নিযুত টন বাঁহৰ ভাণ্ডাৰৰ প্ৰায় ৬৫ শতাংশই উত্তৰ-পূৰ্বাঞ্চলত আছে।

বাঁহক লৈ বিশ্বজুৰি চলি থকা ব্যাপক গৱেষণাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, চলি থকা গৱেষণা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ বাবে অহা ১০ বছৰত বাঁহ এক মূল্যৱান সম্পদত পৰিণত হ’ব।
##assam#himantabiswasarma#bigupdate#latestupdate#newsupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।