কণ্টেণ্ট ক্ৰিয়েটৰ তিনিচুকীয়াৰ যুগামায়া দত্তৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । কিয় আত্মহত্যাৰ দৰে পথ বাছি ললে সেয়া এতিয়াও অবুজ সাথৰ । ২৬ অক্টোবৰত ৰুমতে আত্মহত্যা কৰিছিল যুগমায়া দত্তই । কণ্টেণ্ট ক্ৰিয়েটৰ যোগমায়া দত্তৰ ৰহস্যজনক মৃত্যু, কি পৰিস্থিতিত মৃত্যু হ’ল সদাই হাঁহি থকা যোগমায়াৰ ?
এই সন্দৰ্ভত পৰিয়ালৰ সদস্য জোনালী বৰ্মন গগৈৰ মতে, যুগামায়াই শেহতীয়াকৈ অসমত থকা নিজৰ পৰিয়ালৰ ওচৰলৈ গৈছিল আৰু পুনৰ ঘৰলৈ ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল । আৰ্থিক সমস্যাৰ বাবে বহিৰাজ্যত কাম কৰিব নালাগে বুলি মাতৃয়ে পৰামৰ্শ দিছিল বুলি জানিব পৰা গৈছে।
জোনালীয়ে কয় যে পৰিয়ালৰ লোকসকলে কোনো ধৰণৰ বৈবাহিক সংঘাতৰ বিষয়ে অৱগত নাছিল । আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত চলাই আছে আৰু তদন্তৰ অংশ হিচাপে তেওঁৰ ম'বাইল ফোনটো নিজৰ জিম্মাত লৈছে।
যুগামায়াৰ মৰণোত্তৰ পৰীক্ষা ৰায়াপেট্টা চৰকাৰী চিকিৎসালয়ত সম্পন্ন কৰা হয় আৰু নিজা বাসগৃহত উপস্থিতি হোৱাৰ পাছতে শোকস্তব্ধ হৈ পৰে । যুগমায়াৰ মৃত্যুক লৈ তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৰাইজক এই সন্দৰ্ভত কোনো ধৰণৰ উৰাবাতৰি বা জল্পনা-কল্পনা নকৰিবলৈ আহ্বান জনাইছে।
যুগামায়া স্বামী কাৰো ওপৰতে কোনো মন্তব্য বা বিচাৰ নকৰিবলৈ আহ্বান জনায় । তেওঁ কয়, "যি তদন্তৰ প্ৰয়োজন, আৰক্ষীয়ে সেয়া কৰি আছে । আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ ম’বাইল জব্দ কৰিছে আৰু ইয়াৰ পৰীক্ষা চলাই আছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।