নিউজ ডেস্ক : চৌদি আৰৱত হুতি বিদ্ৰোহীৰ ক্ৰমাগত আক্ৰমণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক দেশখন এৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে।
ব্ৰেন্ট খাৰুৱা তেলৰ ভৱিষ্যত মূল্য ১.২৯ ডলাৰ বা ১.২% বৃদ্ধি পাই প্ৰতি বেৰেলত ১১০.১১ ডলাৰ হৈছে। আনহাতে, ইউ.এচ. ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট খাৰুৱা তেলৰ মূল্য ৯৭ চেণ্ট বা ১% বৃদ্ধি পাই ৯৮.১২ ডলাৰ হৈছে। বুধবাৰে ব্ৰেন্টৰ মূল্য প্ৰায় অপৰিৱৰ্তিত আছিল, আনহাতে WTI-ৰ মূল্য ৬৭ চেণ্ট হ্ৰাস পাইছিল।
আমেৰিকাৰ বিষয়াসকলে প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অঞ্চলটোত থকা আন কেইবাটাও আমেৰিকান মিছনৰ পৰা কৰ্মচাৰীসকলৰ পৰিয়ালৰ সদস্যসকলক প্ৰত্যাহাৰ কৰাৰ পৰিকল্পনা কৰিছে।
উল্লেখ্য যে, ইয়েমেনৰ ইৰাণ সমৰ্থিত হুথী বিদ্ৰোহীসকলে বুধবাৰে কেইবাটাও লক্ষ্যস্থানত আক্ৰমণ চলায়, যাৰ ফলত দাম্মামৰ এটা অসামৰিক বিমান বন্দৰত অন্ততঃ এজন লোক নিহত হোৱাৰ উপৰি আন আঠজন লোক আহত হয় আৰু চৌদি আৰৱৰ এটা তেল ক্ষেত্ৰত ড্ৰোণ আক্ৰমণৰ ফলত দুজন লোকৰ মৃত্যু হয়।
ইৰানী সংবাদ মাধ্যমৰ তথ্য অনুসৰি, বুধবাৰে দক্ষিণ ইৰানৰ চিৰিকতো বিস্ফোৰণৰ শব্দ শুনা গৈছিল। এই বিস্ফোৰণৰ প্ৰকৃতি আৰু উৎস এতিয়ালৈকে জানিব পৰা হোৱা নাই।
বুধবাৰে ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগচীয়ে ফাইনেন্সিয়েল টাইমছক কয় যে, ইৰানে নিজকে ৰক্ষা কৰিবলৈ সম্পূৰ্ণ সাজু আৰু ৰাষ্ট্ৰপতি মাছৌদ পেজেশ্কিয়ানে ৰাজ্যিক সংবাদ মাধ্যমক কয় যে আমেৰিকাই ইৰানক ঘেৰাও আৰু ভাবুকি দি থকাৰ সময়ত আলোচনাৰ আশা কৰিব নোৱাৰে। ইৰানৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত কোনো ধৰণৰ কূটনৈতিক আলোচনা সম্ভৱপৰ নহয়।
তথ্য অনুসৰি বিগত দুসপ্তাহত জাহাজৰ ওপৰত অন্ততঃ ১৮ টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আনহাতে LSEG ৰ বিশ্লেষকসকলে সতৰ্ক কৰি দিয়ে যে, ইৰানে হৰমুজ প্ৰণালীৰ বহু দূৰলৈকে খাৰুৱা তেল পৰিবাহী টেংকাৰসমূহক লক্ষ্য কৰি লৈছে, যাৰ প্ৰভাৱ ওমান উপসাগৰলৈকে বিস্তাৰিত হৈছে। ইয়াৰ ফলত খাৰুৱা তেল ভৰ্তি কৰা কাৰ্য আৰু আঞ্চলিক যোগান ব্যৱস্থাক সমৰ্থন কৰা এখন জাহাজৰ পৰা আনখন জাহাজলৈ তেল স্থানান্তৰ কৰা প্ৰক্ৰিয়া বিপদাপন্ন হৈ পৰিছে।
ইফালে, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ৰক্তাক্ত সংঘাত বন্ধ কৰাৰ বাবে ৱাশ্বিংটনৰ শেহতীয়া প্ৰচেষ্টাৰ মাজতে ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰাৰ সন্দৰ্ভত আলোচনাৰ বাবে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে চেইণ্ট পিটাৰ্ছবাৰ্গত আমেৰিকাৰ বিশেষ দূত স্টিভ উইটকফক আতিথ্য প্ৰদান কৰে।
ক্ৰেমলিনে জনোৱা মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে অহা মাহৰ পৰা আমেৰিকাৰ মধ্যস্থতাত ইউক্ৰেইনৰ সৈতে ত্ৰিপাক্ষিক শান্তি আলোচনা পুনৰ আৰম্ভ কৰাত সন্মতি প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল'দিমিৰ জেলেনস্কিয়ে এই আলোচনাৰ প্ৰতি সমৰ্থন জনাইছে আৰু যিমান সম্ভৱ সোনকালে আৰম্ভ হোৱাটো আশা কৰিছে।
আমিৰিকান শক্তি প্ৰশাসনে বুধবাৰে ঘোষণা কৰা মতে, বিগত সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেঁচা তেলৰ মজুত ৮,২০,০০০ বেৰেল হ্ৰাস পাব বুলি বিশ্লেষকসকলে আশা কৰাৰ বিপৰীতে ৩.০৬ নিযুত বেৰেল হ্ৰাস পাই ৪১২.৫ নিযুত বেৰেল হৈছেহি।
বিগত সপ্তাহত ডিষ্ট্ৰীলেট ষ্টকপাইল ১.৬৮ নিযুত (১.৬৮ মিলিয়ন) বেৰেল বৃদ্ধি পাই ১০৪.৩ নিযুত বেৰেল হৈছে। আনহাতে, এই ষ্টকপাইল ১.১৬ নিযুত বেৰেল হ্ৰাস পাব বুলিহে আশা কৰা হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ড’নাল্ড ট্ৰাম্প প্ৰশাসনে দেশখনৰ ১ নিযুত বেৰেল ক্ষমতাৰ জৰুৰীকালীন হিটিং অইল ৰিজাৰ্ভৰ প্ৰায় এক-তৃতীয়াংশ পৰ্যন্ত ঋণ হিচাপে আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে। ইৰান আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে সৃষ্টি হোৱা ডিজেলৰ নাটনিৰ ফলত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা মূল্য নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।