মানকাচৰৰ কালাপাণী–জাংগালত থকা এখন কাঠৰ দলঙে জীয়াতু ভোগাইছে সাধাৰণ ৰাজইক। জৰাজীৰ্ণ দলংখনৰ বাবে সমস্যাৰে জৰ্জৰিত হৈ আহিছে অঞ্চলবাসী।

প্ৰায় চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা কাঠৰ দলংখন বিগত কেইমাহমানৰ পৰা জৰাজীৰ্ণ হৈ পৰিছে।
তথ্য অনুসৰি, এই দলঙৰ ওপৰেৰেই জাংগাল অঞ্চলৰ ৰাইজে বজাৰ-সমাৰ কৰিবলৈ কালাপাণীলৈ অহা-যোৱা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে কালাপাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিতৌ অহা-যোৱা কৰে । যাৰ বাবে বিপদৰ আশংকাত ভুগিছে অঞ্চলটোৰ ৰাইজ।

যাৰ বাবে ৰাইজে দলংখন অনতি পলমে পুন নিৰ্মাণ বা মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।
অৱশ্যে মানকাচৰ সমষ্টিৰ বিধায়ক মহিবুৰ ৰহমানে জৰাজীৰ্ণ দলংখন পৰিদৰ্শন কৰি দলংখন পুন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।