Friday, 06 November 2026
লগইন
ব্ৰেকিং

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক

ধুবুৰী গৌৰীপুৰৰ এটা পথৰ বাবে যমৰ যাতনাত ভুগিছে সৰ্বসাধাৰণ ৰাইজ। পথটো নিৰ্মাণৰ এবছৰ হওঁতেই জহি-খহি পৰিছে পথটো। পথ নিৰ্মাণৰ সময়ত ঠিকাদাৰৰ গাফিলতিৰ বাবে এনে হোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে। 

উল্লেখ্য যে, গৌৰীপুৰ শ্যামচৰনেৰ কুটিত থকা এই পথটোৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাত ভুগি আহিছে অঞ্চলটোৰ ৰাইজ। এবছৰ পূৰ্বে মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত এই পথটো নিৰ্মাণ কৰিছিল যদিও পথ নিৰ্মাণৰ এটা বছৰৰ পাছতে ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে পথটো। মেৰামতিৰ অভাৱত দ খাৱৈত পৰিণত হৈছে পথটো।গৌৰীপুৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এনে হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

প্ৰাপ্ত তথ্য অনুসৰি, সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই পথটোত। উল্লেখ্য যে, অত্যন্ত ব্যস্ত এই পথটোত দিনে নিশাই হাজাৰ হাজাৰ বাহন চলাচল কৰে। তাৰোপৰি এম্বুলেন্স সেৱা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বহুত ৰাইজ চলাচল কৰে পথছোৱাৰ ওপৰেদি।

যাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই পথছোৱা মেৰামতিৰ বাবে দাবী জনাইছে।

##assam#latestupdate#damgedroad#assamnews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।