Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বহিঃৰাজ্যৰলৈ সৰবৰাহৰ সময়তে ২৬ টা কুকুৰ জব্দ, আটক কেইবাজনকো

অসমৰ পৰা বহিঃৰাজ্যলৈ গৈছে কুকুৰ

নিউজ ডেস্ক : অসম আৰক্ষী আৰু পশু সুৰক্ষা সংস্থাই বুধবাৰে কাৰ্বি আংলং জিলাত অভিযান চলায় । অভিযানত সন্দেহযুক্ত মাংসৰ ব্যৱসায়ৰ পৰা ২৬ টা কুকুৰ উদ্ধাৰ কৰে। আৰক্ষী আৰু জাষ্ট বি ফ্ৰেণ্ডলী (JBF), হিউমেন ৱৰ্ল্ড ফৰ এনিমেলেচ ইণ্ডিয়া (HWAI), ইউচিআই ফাউণ্ডেশ্যন আৰু এনাজৰীৰ স্বেচ্ছাসেৱকসকলে কুকুৰকেইটা কঢ়িয়াই অনা এখন ট্ৰাক আৱদ্ধ কৰে। 
কুকুৰকেইটাৰ মুখবোৰ বন্ধা অৱস্থাত আছিল আৰু মৰাপাটৰ বস্তাত ভৰাই অনা হৈছিল। প্ৰথমতে কাৰ্বি আংলঙৰ পশু চিকিৎসা বিভাগৰ এটা কেন্দ্ৰত ৰখাৰ পিছত কুকুৰকেইটাক গুৱাহাটীৰ ওচৰত থকা JBF-ৰ 'ইণ্টিগ্ৰেটেড কেয়াৰ এণ্ড ৰিচ'ৰ্ছ চেণ্টাৰ ফৰ এনিমেল ৱেলফেয়াৰ'লৈ লৈ যোৱা হয় ।

HWAI-ৰ এটা বিবৃতিত কোৱা হৈছে, "কেন্দ্ৰটোত সিহঁতক পশু চিকিৎসা আৰু সুস্থ হৈ উঠিবলৈ প্ৰয়োজনীয় যত্ন প্ৰদান কৰা হ’ব। সিহঁত সুস্থ হৈ উঠিলে স্থানীয় সংস্থাসমূহে সিহঁতৰ বাবে স্থায়ী আৰু ঘৰ বিচাৰি উলিওৱাৰ কাম কৰিব।" HWAI-ৰ গৱেষণা অনুসায়ী, অসমত প্ৰতি বছৰে হাজাৰ হাজাৰ কুকুৰ চুৰি কৰি বা ৰাস্তাৰ পৰা তুলি লৈ চুবুৰীয়া ৰাজ্য মিজোৰাম আৰু নাগালেণ্ড আদিকে ধৰি সীমান্তৰ সিপাৰলৈ চালান দিয়াৰ অনুমান কৰা হয়।

HWAI-ৰ জ্যেষ্ঠ সঞ্চালক কেৰেন নাজৰেথে কয় যে এই ব্যৱসায়ে পশু কল্যাণৰ ক্ষেত্ৰত গভীৰ চিন্তাৰ সৃষ্টি কৰিছে আৰু কুকুৰ ধৰা, পৰিবহন আৰু বধ কৰা কাৰ্য প্ৰতিৰোধ কৰিবলৈ কঠোৰ আইন বলবৎ আৰু নিৰীক্ষণৰ প্ৰয়োজনীয়তাক প্ৰতিপন্ন কৰিছে।
##assam #bigupdate #newsupdate #dogtrafficking #guwahati #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।