Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বঙাইগাঁৱৰ এখন হোটেলৰ কোঠাত ডি এছ পিৰ মৃতদেহ উদ্ধাৰ

হোটেলৰ কোঠাত ডি এছ পিৰ মৃতদেহ

নিউজ ডেস্ক : বৃহম্পতিবাৰে বঙাইগাঁৱৰ হোটেল ৰিজেন্সীত উদ্ধাৰ হয় এগৰাকী আৰক্ষীৰ বিষয়াৰ মৃতদেহ । অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ বুলি জানিব পৰা গৈছে । 

প্ৰাথমিক তথ্য অনুসৰি, হোটেল ৰিজেন্সীৰ গ্ৰাউণ্ড ফ্লৰৰ ১০২নং কোঠাত কেইবাদিনো ধৰি আছিল আৰক্ষী বিষয়াগৰাকী । হোটেল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, যোৱা ১৮অক্টোবৰ পৰা এই ৰূমটো বুকিং কৰি তাতেই আছিল তেওঁ ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ডি এছ পি হিচাপে কৰ্মৰত আছিল ৰাভা । তেওঁ পূজাৰ ছুটীত আছিল বুলি সদৰি কৰিছে আৰক্ষী কৰ্তৃপক্ষই ।

আনহাতে বৃহস্পতিবাৰৰ পুৱাৰ পৰা ৰূমটোৰ পৰা ৰ্দুগন্ধ ওলোৱাত হোটেল কৰ্তৃপক্ষই তলা ভাঙি প্ৰত্যক্ষ কৰে বিষয়াগৰাকীৰ অৰ্ধগলিত মৃতদেহ ।পূজাৰ বতৰত ছূটী লৈ কিয় পৰিয়ালৰ সৈতে নাথাকি কিয় হোটেল ৰূমত আৰক্ষী বিষয়াগৰাকী আছিল সেই সন্দৰ্ভতো ৰহস্যৰ সৃষ্টি হৈছে । 

আৰক্ষীয়ে সমগ্ৰ বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিছে। কি পৰিস্থিতিত কেনেকৈ তেওঁ হোটেললৈ আহিল আৰু এয়া হত্যাকাণ্ড নে স্বাভাৱিক মৃত্যু তাক লৈও আৰক্ষীয়ে তদন্ত কৰি আছে ।
##assam #bigupdate #newsupdate #tragicincident #bongaigaon #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।