স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৩:৩৫ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । ভূমিকম্পৰ ঠিক পিছতেই কোনো ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ছুনামী সতৰ্কীকৰণ কেন্দ্ৰই কয় যে এই ভূমিকম্পৰ পিছত কোনো বিপদৰ সম্ভাৱনা নাই।
ভূমিকম্পৰ ঠিক পিছতেই কোনো ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় ছুনামী সতৰ্কীকৰণ কেন্দ্ৰই জনাইছিল যে এই জোকাৰণিৰ পিছত কোনো বিপদৰ সম্ভাৱনা নাই। ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতি বা হতাহতৰ সন্দৰ্ভত অধিক তথ্য তাৎক্ষণিকভাৱে পোৱা হোৱা নাছিল।
বিএনঅ' নিউজৰ দ্বাৰা উদ্ধৃত তথ্য অনুসৰি, জাপানৰ বতৰ বিজ্ঞান সংস্থাই ভুলবশত এক আগতীয়া সতৰ্কবাণী জাৰি কৰি ৯.৯ প্ৰাবল্যৰ এটা ভূমিকম্পৰ অনুমান কৰিছিল আৰু দেশখনৰ বেছিভাগ অংশতে তীব্ৰ জোকাৰণিৰ পূৰ্বাভাস দিছিল । যদিও প্ৰকৃততে তেওঁলোকৰ ৰিডিঙত ইয়াৰ প্ৰাবল্য ৬.৯ হে জোখা হৈছিল ।
যদি এই সতৰ্কবাণী শুদ্ধ হ’লহেঁতেন, তেন্তে ই এতিয়ালৈকে নথিভুক্ত কৰা আটাইতকৈ শক্তিশালী ভূমিকম্প হিচাপে পৰিগণিত হ’লহেঁতেন। ইতিহাসত যন্ত্ৰৰ জৰিয়তে নথিভুক্ত কৰা আটাইতকৈ ডাঙৰ ভূমিকম্পটো আছিল ১৯৬০ চনৰ ভালডিভিয়া (Valdivia) ভূমিকম্প, যাৰ প্ৰাবল্য আছিল ৯.৫।
কামচাটকা উপদ্বীপটো 'ৰিং অৱ ফায়াৰ' (Ring of Fire) নামেৰে জনাজাত এক টেকটনিক বেল্ট বা বলয়ত অৱস্থিত, যিয়ে প্ৰশান্ত মহাসাগৰৰ বেছিভাগ অংশ আগুৰি ৰাখিছে আৰু ই ভূমিকম্পীয় সক্ৰিয়তাৰ বাবে এক অত্যন্ত স্পৰ্শকাতৰ অঞ্চল ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।