Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বিদ্যুৎ সেৱা বন্ধ হৈ পৰিল এখন ৰাষ্ট্ৰত, ৰাইজৰ মাজত হাহাকাৰ

পোহৰ অবিহনে দেশবাসীয় কটালে নিশাটো

নিউজ ডেস্ক : ভাৰতত চৌদিশে অলোকৰ পোহৰেৰে ৰঙীন হৈ আছে । চৌদিহে দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ । তেনে সময়তে ভাৰতৰ চুবুৰীয়া এখন ৰাষ্ট্ৰৰ নাগৰিকে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হল ।
শনিবাৰে আকস্মিক ব্যৱস্থাৰ বিজুতিৰ বাবে শ্ৰীলংকাত প্ৰায় সাত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন হয় । চৰকাৰৰ নেচনেল ছিষ্টেম অপাৰেটৰে জনোৱা মতে, দুপৰীয়াৰ ভাগত এই বিদ্যুৎ কৰ্তন আৰম্ভ হৈছিল আৰু সন্ধিয়া ৭ বজাৰ ভিতৰত সমগ্ৰ দ্বীপটোতে বিদ্যুৎ যোগান পুনৰুদ্ধাৰ কৰা হয়।
বিদ্যুৎ কৰ্তনৰ সময়ছোৱাত পানী যোগান, ইণ্টাৰনেট সেৱা আৰু ম’বাইল সংযোগ ব্যাহত হৈ পৰে । আনহাতে কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে বিদ্যুৎ যোগান পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰিছিল ।

শক্তি মন্ত্ৰী অনুৰা কৰুণাতিলকাই কয়, "এক আকস্মিক ব্যৱস্থাৰ বিজুতিৰ বাবে সমগ্ৰ দ্বীপটোতে বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈ পৰে । বিয়লি ৫.৩০ বজাৰ ভিতৰত কেইটামান এলেকাত বিদ্যুৎ যোগান পুনৰ আৰম্ভ হৈছিল যদিও দ্বীপটোৰ বেছিভাগ অংশৰ বাসিন্দাই বিদ্যুৎ পুনৰুদ্ধাৰৰ বাবে সন্ধিয়া ৭ বজালৈকে অপেক্ষা কৰিবলগীয়া হৈছিল ।
এই বিজুতিৰ কাৰণ লগে লগে জনা হোৱা নাছিল । মন্ত্ৰীগৰাকীয়ে কয় যে শুকুৰবাৰে কেন্দ্ৰীয় পাহাৰীয়া অঞ্চলৰ এটা জলবিদ্যুৎ প্ৰকল্পত ধৰা পৰা বিজুতি এই বিদ্যুৎ কৰ্তনৰ এটা কাৰণ হ’ব পাৰে।

তেওঁ লগতে কয় যে বিদ্যুৎ ব্যৱস্থাটো সম্পূৰ্ণৰূপে ঠিক নোহোৱালৈকে ঘৰৰ চালত সৌৰ পেনেল (rooftop solar panels) থকা গৰাকীসকলে মেইন গ্ৰীডৰ পৰা সংযোগ বিচ্ছিন্ন কৰি ৰাখিব লাগিব। দেশখনৰ পানী যোগান সংস্থায়ো দীৰ্ঘদিনীয়া বিদ্যুৎ কৰ্তনে যোগানত ব্যাঘাত ।
##bigupdate #newsupdate #srilanka #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।