Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ইৰান যুদ্ধক লৈ বৃহৎ মন্তব্য ট্ৰাম্পৰ

যুদ্ধৰ অন্ত!

নিউজ ডেস্ক: ইৰানৰ সৈতে চলি থকা যুদ্ধ কেতিয়া শেষ হ’ব? আদৌ ইৰান আৰু আমেৰিকাই যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো বুজাবুজিত উপনীত হ’ব পাৰিবনে? এনে বিভিন্ন প্ৰশ্ন এতিয়া সঘনাই উত্থাপিত হৈছে। এই পৰিপ্ৰেক্ষিততে পুনৰ যুদ্ধ বন্ধ হোৱাৰ কথা ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে, কেনেদৰে এই যুদ্ধৰ অৱসান ঘটিব, সেই বিষয়ে ট্ৰাম্পে সবিশেষ একো ক’বলৈ বিচৰা নাই।

এক সাক্ষাৎকাৰত ট্ৰাম্পৰ কণ্ঠত ইৰান যুদ্ধৰ প্ৰসংগ উঠে। তেওঁ কয়, ‘‘খুব শীঘ্ৰেই যুদ্ধ শেষ হ’ব।’’ তাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সংযোজন কৰে, ‘‘পাৰমাণৱিক অস্ত্ৰ কেতিয়াও নিৰ্মাণ কৰা নহ’ব—আমাক তেনে এক নিশ্চয়তাৰ প্ৰয়োজন আছে।’’

একেসময়তে তেওঁ পুনৰ উল্লেখ কৰে যে, আমেৰিকাত আগন্তুক নিৰ্বাচনৰ পূৰ্বে মাৰ্কিন বাহিনীয়ে ইৰানৰ ওপৰত আৰু কোনো আক্ৰমণ নচলায়।

এই নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব যে, মাৰ্কিন কংগ্ৰেছত ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টিৰ আধিপত্য অব্যাহত থাকিব নে নাই।

ইৰান আক্ৰমণৰ পাছত পশ্চিম এছিয়াত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিক লৈ আমেৰিকাৰ ভিতৰতে সাধাৰণ জনতাৰ মাজত অসন্তোষ দেখা গৈছে। দিনে দিনে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে। সেয়েহে ট্ৰাম্পৰ যুদ্ধনীতিক লৈ বহু লোক অসন্তুষ্ট। অৱশ্যে, ট্ৰাম্পৰ এই সিদ্ধান্তত সন্তুষ্ট লোকো আছে।

এনে পৰিস্থিতিত জনমতৰ গতিপ্ৰকৃতি বুজিবলৈ মধ্যৱৰ্তী নিৰ্বাচনক এক গুৰুত্বপূৰ্ণ মাপকাঠি হিচাপে চাইছে ট্ৰাম্প। বহুজনৰ মতে, এই নিৰ্বাচনৰ ফলাফলৰ ওপৰতেই নিৰ্ভৰ কৰিব ইৰানৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধনীতিত কোনো পৰিৱৰ্তন আহিব নে নাহিব।

তথাপিও, ইয়াৰ মাজতেই তেহৰানৰ সৈতে পুনৰ শান্তি আলোচনাত বহাৰ ইচ্ছা প্ৰকাশ কৰিছে ৱাশ্বিংটনে। নতুনকৈ শান্তি আলোচনা আৰম্ভ কৰাৰ উদ্দেশ্যে আমেৰিকাই ইতিমধ্যে ইৰানলৈ এখন চিঠিও প্ৰেৰণ কৰে।

শেহতীয়াকৈ ট্ৰাম্পৰ নিৰ্দেশত ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মোহছেন ৰেজাইক এই চিঠিখন প্ৰেৰণ কৰে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে। ভান্সে তেওঁৰ চিঠিত শান্তি আলোচনাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট পূৰ্বচৰ্ত আৰোপ কৰা নাই। বৰং, শান্তি প্ৰক্ৰিয়াৰ সম্ভাৱ্য কাঠামোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
##bigupdate #newsupdate #internationalnews #iranamericawar #donaldtrump #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।