ইপিনে উচ্ছেদৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গেলাজানত । অভিযোগ অনুসৰি নগাৰ পৰা ভূমি কিনি লোৱাৰ অভিযোগ উচ্ছেদিত লোকৰ । উল্লেখযোগ্য যে যদিও ২০২৫ বৰ্ষত উৰিয়ামঘাটত চলা উচ্ছেদ অভিযানৰ সময়ত একাংশ লোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তেনে সময়তেই ১২ ঘৰকৈ লোকক উচ্ছেদৰ স্থগিতাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে। এতিয়া পুনৰ ন্যায়ালয়ে সেই লোকসকলক উচ্ছেদৰ বাবে ৰায় দিছে চৰকাৰক।
ইতিমধ্যে শুক্ৰবাৰে সন্ধিয়া মাইকযোগে প্ৰশাসনে সেই লোকসকলক ঘৰ খালী কৰিবলৈ ঘোষণা কৰিছিল। আজি পুৱাৰ ভাগৰ পৰাই দক্ষিণ নামবৰ বনাঞ্চলৰ গেলাজানত চলিল উচ্ছেদ অভিযান।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।