দেওবাৰে নগাঁৱৰ লুতুমাৰী লংজাপ সংৰক্ষিত বনাঞ্চলত এই অভিযান তীব্ৰতৰ হৈ পৰে, য'ত ৬০০ টাতকৈও অধিক ঘৰ আৰু ১০ টা স্থানীয় মছজিদ উচ্ছেদ কৰা হয়। ইয়াৰ পূৰ্বে শনিবাৰে তিনিখন জিলাত একেলগে চলোৱা অভিযানত ৫৪৭ টা পৰিয়াল উচ্ছেদি কৰা হৈছিল ।
লোকসভা উপ-নিৰ্বাচনৰ বাবে সাময়িকভাৱে স্থগিত ৰখাৰ পিছত এই অভিযান ক্ষিপ্ৰতাৰে পুনৰ আৰম্ভ কৰা হয়। উল্লেখ্য যে, ভূমিধীকাৰ দাবী কৰি ৫০০ গৰাকী বাসিন্দাই দাখিল কৰা আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰে ।
ন্যায়ালয়ে ৰায় দিছিল যে ৰাজহুৱা বনাঞ্চল সংৰক্ষণৰ বিষয়টো ব্যক্তিগত বসতিৰ দাবীৰ ঊৰ্ধ্বত। এজন জ্যেষ্ঠ বন বিষয়াই কয়, "ন্যায়ালয়ে তেওঁলোকৰ দাবী খাৰিজ কৰাৰ পিছত, বনাঞ্চল সুৰক্ষিত কৰাৰ বাবে এতিয়া এই উচ্ছেদ অভিযান চলোৱা হৈছে।"
আনহাতে, উচ্ছেদিত বাসিন্দাসকলে পুনৰ্সংস্থাপনৰ অভাৱক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে। তেওঁলোকে কয়, "আমাৰ পূৰ্বপুৰুষসকলক ঔপনিৱেশিক যুগৰ ব্যৱস্থাৰ অধীনত ইয়াত সংস্থাপন কৰা হৈছিল। আমি ১৯৭৪ চনত এই মাটি লাভ কৰিছিলো ।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।