Thursday, 05 November 2026
লগইন
ব্ৰেকিং

৫ হাজাৰ লোকে হেৰুৱাব চাকৰি!

Amazon ৰ ডেলিভাৰী সেৱাৰ ওপৰত ডাঙৰ সংকট!

নিউজ ডেস্ক : বৰ্তমান সময়ত অনলাইন শ্বপিং মানুহৰ জীৱনত এটা ট্ৰেণ্ড হৈ পৰিছে। কাপোৰৰ লগতে ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী পৰ্যন্ত Amazon ৰ দৰে প্লেটফৰ্মৰ পৰা সামগ্ৰী ক্ৰয় কৰাত বিশেষ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু শেহতীয়াকৈ আমেৰিকাত Amazon ৰ ডেলিভাৰী সেৱাৰ ওপৰত এক ডাঙৰ সংকটে দেখা দিছে ।

উল্লেখ্য যে, নিউয়ৰ্কত প্ৰস্তাৱিত নতুন আইন কাৰ্যকৰী হ’লে কোম্পানীয়ে ৫,০০০ তকৈ ডেলিভাৰী ড্ৰাইভাৰৰ চাকৰি কৰ্তন কৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰোপৰি চহৰখনত থকা ১৫ টা ডেলিভাৰী কেন্দ্ৰও বন্ধ কৰাৰ সম্ভাৱনা আছে। এই সিদ্ধান্তৰ প্ৰভাৱ কেৱল ডেলিভাৰী কৰ্মচাৰীসকলৰ মাজতে সীমিত নাথাকি গুদাম ঘৰসমূহত কাম কৰা হাজাৰ হাজাৰ কৰ্মচাৰীৰ চাকৰিৰ ওপৰতো পৰিব।

তথ্য অনুসৰি, নিউয়ৰ্কত প্ৰস্তাৱিত ‘ডেলিভাৰী প্ৰটেকচন এক্ট’ৰ অধীনত Amazon য়ে থাৰ্ড পাৰ্টি কোম্পানীৰ যোগেদি কাম কৰা হাজাৰ হাজাৰ ডেলিভাৰী ড্ৰাইভাৰক পোনপটীয়াকৈ নিয়োগ কৰিবলগীয়া হ’ব পাৰে। এই আইনৰ মূল উদ্দেশ্য হ’ল, ডেলিভাৰী কৰ্মচাৰীসকলৰ কৰ্ম পৰিৱেশ আৰু তেওঁলোকৰ অধিকাৰসমূহ উন্নত কৰা। Amazon ৰ মতে, এই নতুন আইনৰ বাবে তেওঁলোকৰ ডেলিভাৰী ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনিবলগীয়া পৰিস্থিতি হ’ব।

তাৰ প্ৰতিৰূপ ৰূপে কোম্পানীয়ে চহৰখনত থকা নিজৰ ১৫ টা লাষ্ট-মাইল ডেলিভাৰী কেন্দ্ৰ বন্ধ কৰি দিব পাৰে আৰু নিজৰ ব্যৱসায় আন অঞ্চললৈ স্থানান্তৰ কৰিব পাৰে। যদি এই কেন্দ্ৰসমূহ বন্ধ হৈ যায়, তেনেহ’লে ড্ৰাইভাৰসকলৰ উপৰিও প্ৰায় ২,০০০ গৰাকী গুদাম কৰ্মচাৰী চাকৰি সংকটত পৰিব। Amazon য়ে নিউয়ৰ্কত নিজৰ ডেলিভাৰী কেন্দ্ৰসমূহ বন্ধ কৰি দিলে তাৰ পোনপটীয়া প্ৰভাৱ গ্ৰাহকসকলৰ ওপৰতো পৰিব।

উল্লেখ্য যে, কোম্পানীয়ে জনোৱা তথ্য অনুসৰি, চহৰখনত বৰ্তমান থকা কেন্দ্ৰসমূহ বন্ধ হোৱাৰ ফলত গ্ৰাহকৰ হাতলৈ সামগ্ৰী যাওতে অধিক সময় লাগিব পাৰে আৰু ইয়াৰ বাবে গ্ৰাহকে অধিক মূল্য পৰিশোধ কৰিবলগীয়া হ’ব পাৰে।
##bigupdate #newsupdate #latestupdate #job #Amazon

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।