উল্লেখ্য যে, AI-2030 নম্বৰৰ বিমানখন পুৱা ৯:৩৫ বজাত জয়পুৰত নিৰাপদে অৱতৰণ কৰে আৰু পৰীক্ষাৰ বাবে এক সুকীয়া স্থানলৈ লৈ যোৱা হয়।
প্ৰাৰম্ভিক তথ্য অনুসৰি, পুৱা প্ৰায় ৯ বজাত আহমেদাবাদ এয়াৰ ট্ৰেফিক কণ্ট্ৰোলে (ATC) বিমানখনৰ পৰা এটা জৰুৰীকালীন সংকেত লাভ কৰিছিল । পাইলটজনে ‘Squawk 7500’ ক’ড সক্ৰিয় কৰিছিল বুলি জানিব পৰা গৈছে ।
যিটো বিমান হাইজেক বা বিমানৰ সৈতে হোৱা কোনো অবৈধ হস্তক্ষেপৰ বিষয়ে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলক গোপনে সতৰ্ক কৰিবলৈ ব্যৱহাৰ কৰা এটা আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত এভিয়েশ্যন ট্ৰেন্সপণ্ডাৰ ক’ড আছিল।
এই সংকেত পোৱাৰ পিছতে নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হয় । সতৰ্কতামূলক ব্যৱস্থা হিচাপে পুৱা প্ৰায় ৯:১০ বজাত দিল্লী বিমানবন্দৰৰ ৱাৰ ৰুমৰ কৰ্তৃপক্ষই বিমানখন জয়পুৰলৈ পথ সলনি কৰাৰ সিদ্ধান্ত লয়।
জয়পুৰত অৱতৰণ কৰাৰ পিছত, এনে পৰিস্থিতিৰ সুৰক্ষা প্ৰট’কলৰ অংশ হিচাপে পুৱা ৯:৪৫ বজাত বিমানখন নিৰীক্ষণৰ বাবে আইচ’লেশ্যন কক্ষলৈ লৈ যোৱা হয় । প্ৰাৰম্ভিক পৰীক্ষাত বিমানখনৰ চলাচল স্বাভাৱিক বুলি জানিব পৰা গৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।