Flydubaiৰ এখন বিমানত সহ-পাইলটে পাইলটৰ ওপৰত আক্ৰমণ চলোৱাৰ ঘটনাই বিমান পৰিবহণৰ নিৰাপত্তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা ঘটাইছে। লগতে, ঘটনাটোৰ সন্দৰ্ভত কৰ্তৃপক্ষই প্ৰকাশ কৰা কিছুমান চৰকাৰী ভাষ্যও অনলাইন মন্তব্যকাৰী আৰু বিমান পৰিবহণৰ অনুৰাগীসকলৰ মাজত সমালোচনাৰ সন্মুখীন হৈছে।
বুধবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা Flight FZ1073 ৰ উৰণৰ প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত বিমানখন হঠাতে তীব্ৰভাৱে অৱতৰণ কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত বিমানখনে চৌদি আৰৱত জৰুৰী অৱতৰণ কৰে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, সহ-পাইলটজনে কেপ্টেইন স্মিত মাচ্ছাৰক আক্ৰমণ কৰিছিল। আক্ৰমণৰ সময়ত মাচ্ছাৰে ককপিটৰ দুৱাৰখন খুলিবলৈ সক্ষম হোৱাৰ পিছত যাত্ৰীসকলে সহ-পাইলটজনক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। তথ্য অনুসৰি, সহ-পাইলটজনৰ পৰিচয় হামাম আল-হাম্মামী। সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰচিকিউটৰ জেনেৰেলে প্ৰকাশ কৰা অনুসৰি, আক্ৰমণটো ককপিটত থকা ‘ক্ৰেছ এক্স’ ব্যৱহাৰ কৰি কৰা হৈছিল।
তদন্তকাৰীসকলে আক্ৰমণটোৰ উদ্দেশ্য নিৰ্ধাৰণৰ বাবে তদন্ত অব্যাহত ৰখাৰ সময়তে, ছ’চিয়েল মিডিয়াত এই ঘটনাটোক লৈ সামগ্ৰিকভাৱে কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে।
এই সন্দৰ্ভত উত্থাপিত হোৱা পাঁচটা প্ৰশ্ন হ’লঃ
নিৰাপত্তাজনিত উদ্বেগৰ বাবে ফ্লেগ কৰা সত্ত্বেও আল-হাম্মামীক কিয় বিমান উৰুৱাবলৈ অনুমতি দিলে?
তথ্য অনুসৰি, আল-হামামিক ওমানৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে।
শুক্ৰবাৰে সংবাদ সংস্থাৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হয় যে, অভিযুক্তজনৰ মতাদৰ্শগত দৃষ্টিভংগীক লৈ উদ্বেগৰ বাবে ওমান কৰ্তৃপক্ষই পূৰ্বতে তেওঁক দেশখনৰ পৰা বিমানযোগে যাত্ৰা কৰাত বাধা দিছিল।
শনিবাৰে এগৰাকী আঞ্চলিক কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, একেধৰণৰ উদ্বেগৰ বাবে সহ-পাইলটজনক বিমান চালনাৰ প্ৰশিক্ষণৰ পৰাও আঁতৰাই দিয়া হৈছিল আৰু পিছত তেওঁক আন এটা পদত পুনৰ নিযুক্তি দিয়া হৈছিল।
ওমানৰ ৰাষ্ট্ৰীয় বিমান সংস্থাৰ এটা পদৰ পৰা পাইলটজনক আঁতৰাই দিয়া হৈছিল।
অৱশ্যেএই নিৰাপত্তাজনিত উদ্বেগসমূহ থকাৰ পিছতো আল-হাম্মামীয়ে কেনেকৈ ফ্লাইডুবাইৰ এই বিমান পথত উৰণৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ৰিজাৰ্ভ পাইলটসকলে দায়িত্ব লোৱাৰ পূৰ্বে এজন প্লাম্বাৰে বিমানখন স্থিৰ কৰি ৰাখিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা।
খবৰ অনুসৰি, তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত মাচ্ছাৰে ককপিটৰ দুৱাৰখন খুলিবলৈ সক্ষম হৈছিল, যাৰ ফলত যাত্ৰীসকলে সহ-পাইলটজনক বশ কৰিবলৈ সক্ষম হয়।
আল-হামামিক বশীভূত কৰা লোকসকলৰ মাজৰ এজন আছিল ইয়ানিভ হায়ুন, যাক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এজন প্লাম্বাৰ বুলি বৰ্ণনা কৰিছিল।
নেতান্যাহুৰ সৈতে বিমানবন্দৰত সাক্ষাৎ কৰা ৫০ বছৰীয়া হায়ুনক সোধা হৈছিল যে, আন এজন পাইলটে বিমানখনৰ নিয়ন্ত্ৰণ লোৱাৰ আগতে তেওঁ বিমানৰ নিয়ন্ত্ৰণ ব্যৱস্থাত কি কৰিব লাগে সেয়া কেনেকৈ জানিছিল। তেওঁ উত্তৰ দিছিল, “মই ‘এয়াৰ ক্ৰেছ ইনভেষ্টিগেচন’ অনুষ্ঠানটো চাওঁ, প্ৰধানমন্ত্ৰী মহোদয়।”
“মই পিছফালে জঁপিয়াই গৈ নিয়ন্ত্ৰণসমূহ ধৰি ল’লোঁ আৰু হেণ্ডেলবোৰ পিছলৈ টানিবলৈ আৰম্ভ কৰিলোঁ”—যিদৰে তেওঁ কানাডাৰ সেই অনুসন্ধানমূলক অনুষ্ঠানটোত দেখিছিল, য’ত বিশেষজ্ঞসকলে বিমান দুৰ্ঘটনাৰ বিশ্লেষণ কৰে।
সামাজিক ন্যমাধ্যমত মানুহে প্ৰশ্ন উত্থাপন কৰিছে যে এজন প্লাম্বাৰে আকাশত উৰি খকা এখন বিমান কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে?
৫,১৮০ মিটাৰ উচ্চতাৰ পৰা বিমানখন পতিত হোৱাৰ পাছতো বহু লোক আহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই
ফ্লাইট-ট্ৰেকিং ৱেবছাইট Flightradar24-ৰ তথ্য অনুসৰি, উৰণৰ প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত Flydubai বিমানখন দ্ৰুতগতিত অৱনমিত হয় আৰু দুমিনিটতকৈও কম সময়ৰ ভিতৰত ৫,১৮০ মিটাৰতকৈ অধিক উচ্চতা হ্ৰাস কৰে।
আকাশমাজত হঠাতে তললৈ নামি অহাৰ ঘটনাটোৱে যাত্ৰীসকলৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছিল যদিও, ঘটনাটোৰ সন্দৰ্ভত ৰাজহুৱাভাৱে উপলব্ধ তথ্য অনুসৰি কোনো লোক আহত হোৱা নাছিল। আগষ্ট মাহত অশান্ত বায়ুৰ ফলত ৯০ মিটাৰ তললৈ নামি যোৱা এখন এয়াৰ ইণ্ডিয়া বিমানৰ ঘটনাত অৱশ্যে কমেও ১৭জন যাত্ৰী আহত হৈছিল।
এজন বিমান প্ৰশিক্ষকে ছিমুলেটৰত Flydubai বিমানখনৰ প্ৰায় উলম্ব অৱনমন পুনৰ সৃষ্টি কৰি কয় যে, উদ্ধাৰৰ সময়ত বিমানখনৰ গতি ইয়াৰ সৰ্বোচ্চ গাঁথনিগত গতি সীমা অতিক্ৰম কৰিলেহেঁতেন আৰু ঋণাত্মক G-ফ’ৰ্চৰ ফলত কেবিনত সুৰক্ষিতভাৱে স্থাপন নকৰা যিকোনো বস্তু ইফালে-সিফালে সিচঁৰিত হৈ ফুৰিলেহেঁতেন।
ওমানৰ নাগৰিক হোৱা সত্ত্বেও সহ-পাইলটজনক কিয় বিমান চলোৱাৰ অনুমতি দিয়া হৈছিল?
ইজৰাইলৰ ওমানৰ সৈতে কোনো আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক নাই, আৰু নেতানিয়াহুৱে পূৰ্বে কৈছিল যে এনে দেশসমূহৰ বিমানক সাধাৰণতে ইজৰাইলত বিমান চলাচল কৰিবলৈ অনুমতি দিয়া নহয়।
শুক্ৰবাৰে নেতান্যাহুৱে কয় যে, সহ-পাইলটজনে আন কাৰোবাৰ নিৰ্দেশত কাম কৰিছিল নেকি, সেয়া ইজৰাইলে তদন্ত কৰি আছে। তেওঁ সতৰ্ক কৰি দিয়ে যে,এই ঘটনাত জড়িত যিকোনো ব্যক্তিয়ে “মোটা অংকৰ মূল্য” ভৰিব লাগিব।
শনিবাৰে এখন ইজৰাইলী বাতৰি কাকতে প্ৰকাশ কৰা অনুসৰি, চৰকাৰী বিষয়াসকলে বিমানখনত থকা ক্ৰু সদস্য আৰু যাত্ৰীসকলৰ তালিকা আগতীয়াকৈ লাভ কৰিছিল। সেই তালিকাত ওমানৰ সহ-পাইলটজনো অন্তৰ্ভুক্ত আছিল।
উল্লেখ্য যে, নিৰাপত্তা সূত্ৰই বাতৰি কাকতখনক জনোৱা অনুসৰি, ইজৰাইলত অৱতৰণ কৰা বিদেশী বিমানৰ ক্ৰু সদস্যসকলক নিৰীক্ষণ আৰু পৰীক্ষা কৰাৰ দায়িত্বত থকা চৰকাৰী সংস্থাসমূহ হৈছে পৰিবহণ আৰু পথ সুৰক্ষা মন্ত্ৰালয়ৰ নিৰাপত্তা বিভাগ আৰু নিৰাপত্তা সংস্থা মোছাদ।
আক্ৰমণৰ পূৰ্বে সহ-পাইলটে প্ৰাৰ্থনা কৰিছিল
দ্আন এখন ইজৰাইলী বাতৰি কাকতৰ মতে, শনিবাৰে মাচ্ছাৰে নেতান্যাহুৰ সৈতে কথা পাতিছিল। তেওঁ প্ৰধানমন্ত্ৰীজনক জনাইছিল যে, আক্ৰমণৰ পূৰ্বে আল-হামামীয়ে নামাজ পঢ়িবলৈ অনুমতি বিচাৰিছিল।তেওঁ কয় যে, চাৰি-পাঁচ মিনিট পিছত মাচ্চাৰে মূৰৰ পিছফালে “এটা গভীৰ আঘাত” পাইছিল।
বিমানখন পুৱা ৭:০৫ বজাত UAE ৰ পৰা উৰা মাৰিছিল। প্ৰতিবেদন অনুসৰি, প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত আক্ৰমণটো সংঘটিত হৈছিল।
বুধবাৰে এমিৰেটছত ফজৰৰ নামাজৰ সময় আছিল পুৱা ৪:৫১ বজা ।ইয়াৰ অৰ্থ হ’ল, আল-হাম্মামিয়ে কৰা নামাজৰ সময় ইছলামিক নামাজৰ নিৰ্ধাৰিত সময়ৰ সৈতে মিল নাছিল।
অৱশ্যে, আক্ৰমণৰ পূৰ্বে আল-হাম্মামীয়ে নিজৰ কোনো ব্যক্তিগত দোৱা বা প্ৰাৰ্থনা কৰি থাকিবও পাৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।