Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ৰাজহুৱা সম্পত্তি ধ্বংস কৰা, আৰক্ষীক আক্ৰমণকাৰীয়ে পাব কঠোৰ শাস্তি

প্ৰতিবাদৰ নামত হিংসা নচলিব

নিউজ ডেস্ক : ফ্ৰান্সত হোৱা ভয়াবহ প্ৰতিবাদক লৈ কঠোৰ হৈ পৰিছে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন । দেওবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰি ৰাষ্ট্ৰপতি মেক্ৰনে কয়, “চৰকাৰী অট্টালিকাসমূহ জ্বলাই দিয়া আৰু আৰক্ষীৰ হত্যাৰ কাণ্ডত জৰিতক কঠোৰ শাস্তি প্ৰদান কৰা হব ।”

মেক্ৰনে লগতে কয়, “সম্পত্তি ধবংস কৰা বা হিংসাত্মক কাৰ্যত অংশ লোৱাসকলৰ বিৰুদ্ধে আইনৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা হ'ব । যিসকলে ধ্বংসলীলা চলাইছে তেওঁলোকে ইয়াৰ মূল্য ভৰিব লাগিব । যিসকলে লুটপাত কৰিছে তেওঁলোকে সেয়া ঘূৰাই দিব লাগিব । যিসকলে গণতন্ত্ৰক ধবংস কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক জবাবদিহি কৰা হ'ব ।”

প্ৰতিবাদৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাক “উগ্ৰ-বাওঁপন্থী গোটৰ ৰাষ্ট্ৰদ্ৰোহী উপাদান, যাৰ সৈতে বহুতো অপৰাধী যোগ দিছিল” বুলি উল্লেখ কৰিছে মেক্ৰনে ।

তেওঁ লগত কয়,”চৰকাৰে জনসাধাৰণৰ ক্ষোভ বা ওজৰ-আপত্তি শুনা উচিত, কিন্তু হিংসাৰ দ্বাৰা আলোচনা সম্ভম নহয় এই কাৰ্য । যিসকলে ধ্বংস আৰু লণ্ডভণ্ড কৰিছে, তেওঁলোকৰ সৈতে আমি কেতিয়াও প্ৰকৃত প্ৰতিবাদকাৰীসকলক সাঙুৰি বিভ্ৰান্ত কৰিব নালাগে ।”

মেক্ৰনে কয় যে তেওঁ এই সপ্তাহতে “এক নিৰ্দিষ্ট আৰু বাস্তৱসন্মত প্ৰস্তাৱ” সম্পৰ্কে আলোচনা কৰিবলৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক, ট্ৰেড ইউনিয়নৰ সদস্য আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰি চৰকাৰ আলোচনাৰ বাবে সাজু হৈছে ।
##bigupdate #newsupdate #internationalnews #france #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।