অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সৈতে জৰিত গোচৰত অমৃত প্ৰভা মহন্তই জামিন লাভ কৰাত সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি আহিছে একাংশই । সেয়া উমি উমি জ্বলিবলৈ আৰম্ভ কৰিছে ৰাজ্যত ।
ইফালে সমগ্ৰ ঘটনাৰ তদন্তকাৰী বিষয়াৰ ভুলৰ বাবে ন্যায়ালয়ে কাৰাবান্দী অমৃত প্ৰভা মহন্তক জামিন প্ৰদান কৰিলে বুলি অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যম যোগে ক্ষোভ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গ আৰু পমী বৰঠাকুৰে ।
২৪ ঘণ্টাৰ ভিতৰত অৰ্থাত দেওবাৰে সামাজিক মাধ্যম যোগে জুবিনক্ষেত্ৰ সকলোকে সমবেত হৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এক প্ৰতিবাদ হ'ব বুলি ঘোষণা কৰিলে গৰিমা শইকীয়া গাৰ্গে । তেওঁ সামাজিক মাধ্যম যোগে কয়,"জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এক শান্তিপূৰ্ণ আহ্বান .. এক সন্মিলিত কণ্ঠ হওক ! জুবিনক্ষেত্ৰ দিনৰ ১১ বজাত ।"
তেওঁ আন এটা পোষ্টত শ্ৰীমদ্ভগৱত গীতাৰ প্ৰসংগৰে সামাজিক মাধ্যমত কয়,"ইয়াক মই আন্তৰিকতাৰে পালন কৰিছিলো আৰু মই তেওঁৰ খোজ অনুসৰণ কৰিছো । কিছুমান মানুহে তেওঁক বুজিবলৈ বহুত সময় লাগিছিল.. কিন্তু তেওঁ আত্মবিশ্বাসী আৰু শক্তিশালী হৈ আছিল !"
গৰিমাই সামাজিক মাধ্যমত পোষ্ট কৰা ভাগৱতৰ শ্লোগটো আছিল এনেধৰণৰ, "যেতিয়া আপুনি সকলো কাম এক সৰল আৰু পবিত্ৰ হৃদয়েৰে কৰে, তেতিয়া আপুনি সকলোৰে আগত নিজৰ স্থিতি স্পষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। সময়ৰ বুকুত আপোনাৰ হৃদয়ৰ প্ৰকৃত উদ্দেশ্য নিজে নিজে প্ৰকাশ পায় ! এটা কথা সদায় মনত ৰাখিব... 'পবিত্ৰ উদ্দেশ্যক কেতিয়াও ডাঙৰ ডাঙৰ ব্যাখ্যাৰ প্ৰয়োজন নহয় ।"
গৰিমা শইকীয়া গাৰ্গে নিশা দুটাকৈ পোষ্ট দিয়াৰ পাছতে অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বিষয়টো যে পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ইতিমধ্যে জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা এবছৰৰো অধিক কাল হ'ল । কিন্তু ছিংগাপুৰত ৰহস্যজনক কাৰণত মৃত্যু হোৱাৰ ঘটনাত নাম সাঙোৰ খোৱা অমৃত প্ৰভা মহন্তৰ জামিন লাভে ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।