সেই মহোৎসৱৰ আয়োজক কমিটীৰ সভাপতি অজয় ফুকন । মুখ্য পৃষ্ঠপোষকৰ দায়িত্বত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, মুখ্য উপদেষ্টা গৰিমা শইকীয়া গার্গ, পৃষ্ঠপোষকত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা, বিমল বৰা, ৰূপক শর্মা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, পলাশ চাংমাই আদি ।
সেই মহোৎসৱৰ কমিটীৰ ঘোষণা কেই মিনিট মানৰ ভিতৰতে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যম যোগে স্পষ্টিকৰণ দিলে বিষয়টোৰ সন্দৰ্ভত ৷ ফেচবুক যোগে তেওঁ কয়,"মই স্পষ্ট কৰি দিব বিচাৰিছো যে এই বিশেষ অনুষ্ঠানটোৰ সৈতে মই কোনো প্ৰকাৰে জড়িত নহয় । মই মুখ্য উপদেষ্টা হিচাপে তেওঁলোকৰ সৈতে থাকিম বুলি কেতিয়াও কথা দিয়া নাই ।"
তেওঁ লগতে কয়,"সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ অভিভাৱকত্বত এইবাৰ প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনটি সৃষ্টিৰ দিন হিচাপে ডিব্ৰুগড়ত পালন কৰাৰ কথা ইতিমধ্যেই ৰাজহুৱাভাৱে ঘোষণা কৰা হৈছে । তাতো তেওঁলোকে নিজেই আগভাগ লৈ সকলো অনুষ্ঠিত কৰিছে । মই তেওঁলোকৰ লগতো কোনো ধৰণৰ দ্বায়িত্ব - বাব লোৱা নাই ।"
"তেনেস্থলত, মোৰ অনুমতি নোহোৱাকৈ এইধৰণে মোৰ নামটো ব্যৱহাৰ কৰিলে ৰাইজ বিভ্ৰান্ত হোৱাৰ আশংকা থাকে। মোৰ নামটো এনেকৈ ব্যৱহাৰ কৰাৰ সন্মতি মই দিয়া নাই । আয়োজকসকলে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গ ন্যাসৰ সৈতেও কোনো যোগাযোগ কৰা নাই । মই মোৰ স্বামী তথা সমূহ অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ ন্যায়ৰ বাবে ওলাই আহিছো । পক্ষ-প্ৰতিপক্ষ বহুত যদিও, অসমৰ মানুহৰ আশীৰ্বাদ আৰু জুবিনলৈ থকা তেওঁলোকৰ মৰমৰ সাহত মই যুঁজিবলৈ শক্তি পাইছো ।"- গৰিমা
"এনেধৰণে মোৰ নামটো যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিলে সেই যুঁজখনত বিভিন্ন নেৰেটিভ সৃষ্টি কৰিবলৈ প্ৰতিপক্ষক সহায় কৰাহে হয় । আগলৈ এনেকৈ মানুহক বিভ্ৰান্ত কৰি প্ৰাণৰ শিল্পীগৰাকীৰ বাবে আমি বুকুত শিল থৈ কৰি থকা যুঁজখনক দুৰ্বল নকৰিবলৈ মই সকলোকে আহ্বান জনাইছো । অনুগ্ৰহ কৰি আমাক শান্তিত থাকিবলৈ দিয়ক যাতে জুবিনৰ ন্যায়প্ৰতিষ্ঠাৰ যুঁজখনত আমি সম্পূৰ্ণ শক্তিৰে লাগি থাকিব পাৰো ।"- গৰিমা
মানস ৰবীনে কয়,"জুবিন মহোৎসৱৰ লগত মই কোনোধৰণে জড়িত নহয়। আজি মই জড়িত থকা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা দেখিছোঁ। গতিকে, মই পুনৰ বাৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে জুবিন মহোৎসৱৰ লগত মই কোনোধৰণে জড়িত নহয়। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজ খনৰ এজন যুদ্ধাহে মই ।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।