Saturday, 07 November 2026
লগইন
ব্ৰেকিং

'নগাঁৱৰ দুগৰাকী মহিলাক ভাৰতলৈ ঘূৰাই আনক' ! কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ গৌৰৱ গগৈৰ।

'নগাঁৱৰ দুগৰাকী মহিলাক ভাৰতলৈ ঘূৰাই আনক' !

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শেহতীয়াকৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ এখন পত্ৰ লিখি অসমৰ নগাঁও জিলাৰ দুগৰাকী মহিলাক বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকক ভাৰতলৈ ঘূৰাই আনিবলৈ জৰুৰী হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ প্ৰেৰণ কৰা পত্ৰখনত, কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বাগৰীগুৰীৰ জাহানাৰা বেগম আৰু ধিং গাঁৱৰ মমতাজ বেগমক বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকক ভাৰতলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিছে।

উল্লেখ্য যে, দুয়োগৰাকী মহিলাক ২০২৬ চলিত বৰ্ষৰ ১৩ আৰু ১৪ জুনৰ মাজ নিশা ভাৰত-বাংলাদেশ সীমান্তৰে মহিলা দুগৰাকীক সিপাৰলৈ পঠিয়াই দিয়া হৈছিল, যদিও দুয়োটা গোচৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিবেচনাধীন আছিল।

তথ্য অনুসৰি, মহিলা দুগৰাকীক পূৰ্বে ২০১৯ চনত নগাঁও বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে ন্যায়াধীকৰণৰ এই সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

এপ্ৰিল মাহত উচ্চ ন্যায়ালয়ে পূৰ্বৰ ট্ৰাইবুনেলৰ মতামতসমূহ খাৰিজ কৰে আৰু প্ৰাসংগিক তথ্য বা সামগ্ৰীসমূহ সঠিকভাৱে বিবেচনা কৰা হোৱা নাই বুলি গম পাই গোচৰসমূহ পুনৰ বিবেচনা কৰাৰ নিৰ্দেশ দিয়ে।

আদালতৰ নিৰ্দেশ মৰ্মে, জাহানাৰা ২৯ মে'ত আৰু মমতাজ ৩০ মে'ত বিদেশী ন্যায়াধিকৰণৰ সন্মুখত হাজিৰ হৈছিল। ইয়াৰ পিছত দুয়োকে জিম্মাত লোৱা হয়।

কংগ্ৰেছ সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, তেওঁলোকক আটক আৰু তাৰ পিছত বহিষ্কাৰ কৰাৰ বাবে তেওঁলোকে ট্ৰাইবুনেলৰ নতুন আদেশৰ প্ৰতিলিপি লাভ কৰা আৰু উচ্চ ন্যায়ালয়ত অধিক আইনী প্ৰতিকাৰ বিচৰাৰ পৰা বঞ্চিত হ’ল।

তেওঁলোকৰ বহিষ্কৰণৰ চাৰিওফালৰ পৰিস্থিতি পৰৱৰ্তী সময়ত ছেপ্টেম্বৰ ৩ তাৰিখে সুকীয়া কাৰ্যধাৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল। 

মুমতাজ বেগমৰ গোচৰত আদালতে বিদেশী ন্যায়াধিকৰণৰ কাৰ্যক্ৰম পৰিচালনাক তীব্ৰ সমালোচনা কৰে। আদালতে প্ৰত্যক্ষ কৰে যে ন্যায়াধিকৰণৰ কাৰ্যালয়ে ইয়াৰ মতামতৰ প্ৰমাণিত প্ৰতিলিপি যোগান ধৰাত ভাৱি-চিন্তি আৰু ইচ্ছাকৃতভাৱে পলম কৰিছিল আৰু লগতে মন্তব্য কৰে যে, নথি-পত্ৰৰ পৰা ইয়াত "আইনী দুৰভিসন্ধি" স্পষ্টকৈ প্ৰকাশ পাইছিল।

আদালতে মুমতাজক জিম্মাত লোৱা আৰু পৰৱৰ্তী সময়ত বাংলাদেশলৈ পঠিয়াই দিয়াৰ পৰিস্থিতিও পৰীক্ষা কৰিছিল। ৰায়দানত উল্লেখ কৰা BSF ৰ শপতনামাত উল্লেখ কৰা অনুসৰি, ১৩ জুনত তেওঁক BSF ৰ হাতত গতাই দিয়া হৈছিল আৰু ১৪ জুনৰ পুৱতি নিশা কাছাৰৰ কালাইনচেৰা অঞ্চলৰ জৰিয়তে বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছিল।

জহানাৰা বেগম সম্পৰ্কীয় অনুৰূপ এক নিৰ্দেশত উল্লেখ কৰা হৈছে যে, ১৩ জুনত তেওঁক BSF ৰ হাতত অৰ্পণ কৰা হৈছিল আৰু ১৩ আৰু ১৪ জুনৰ মধ্যৱৰ্তী নিশা তেওঁক বাংলাদেশলৈ ওভতাই পঠোৱা হৈছিল।

উচ্চ ন্যায়ালয়ে পৰৱৰ্তী সময়ত দুয়োগৰাকী মহিলাক বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকৰ স্বদেশ প্ৰত্যাৱৰ্তন নিশ্চিত কৰাৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিছিল।

মুমতাজৰ সৈতে জৰিত গোচৰটোত, আদালতে অসম চৰকাৰক তেওঁৰ স্বামীক অন্তৱৰ্তীকালীন ক্ষতিপূৰণ হিচাপে ২ লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে। আদালতে পৰ্যবেক্ষণ কৰে যে ত্ৰিবুনেলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব পৰাকৈ কোনো তথ্য যোগান নধৰাকৈয়ে তেওঁক বহিষ্কাৰ কৰা হৈছিল। লগতে আদালতে কোনো ব্যক্তিক বিদেশী বুলি ঘোষণা কৰি আটক কৰাৰ পূৰ্বে ত্ৰিবুনেলৰ মতামত বা ৰায় যোগান ধৰাৰ সন্দৰ্ভত সুৰক্ষামূলক ব্যৱস্থা জাৰি কৰে।

বৰ্তমান কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক এই বিষয়টো বাংলাদেশ চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আৰু ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত আৰু চিলেটত থকা সহকাৰী উচ্চায়ুক্তক বাংলাদেশী কৰ্তৃপক্ষৰ সৈতে এই গোচৰসমূহৰ সন্দৰ্ভত অগ্ৰগতি ল’বলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে।

তেওঁ কনছুলাৰ সাহায্য প্ৰত্যাৱৰ্তনৰ বাবে প্ৰয়োজন হ’লে ভ্ৰমণ নথিপত্ৰ আৰু এটা নিৰ্দিষ্ট যোগাযোগৰ মাধ্যম বিচাৰিছে যাৰ জৰিয়তে পৰিয়ালসমূহে মহিলাসকলৰ অৱস্থিতিৰ বিষয়ে শেহতীয়া তথ্য লাভ কৰিব পাৰে।

গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, বহিষ্কাৰৰ পিছৰে পৰা পৰিয়ালকেইটাই মহিলা দুগৰাকীৰ সন্দৰ্ভত কোনো তথ্য পোৱা নাই আৰু অপেক্ষা কৰি আছে।

"ৰাজ্যিক জিম্মাত লোৱাৰ পিছত আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে ঠেলি দিয়াৰ পিছত মানুহ এনেদৰে হঠাতে সন্ধানহীন হৈ যাব নোৱাৰে।" কংগ্ৰেছ সাংসদগৰাকীয়ে এইদৰে মহিলা দুগৰাকীক বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ তাৎক্ষণিক প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে।
##bigupdate#newsupdate#latestupdate#Gauravgogoi#congress

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।