Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ঘনকান্ত গগৈক এনকাউণ্টাৰ, হোটেল বিলাস ইনত পাঁচগৰাকীক হত্যা কৰিছিল ঘনকান্তই

এনকাউণ্টাৰত নিহত ঘনকান্ত

নিউড ডেস্ক : অৱশেষত গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ঘনকান্ত গগৈক লৈ যোৱা অৱস্থাতে এনকাউণ্টাৰ । পুৱতি নিশা প্ৰায় ৩-১০ বজাত শিৱসাগৰ ফুলপানী চিগাত এনকাউণ্টাৰ ঘাতক ঘনকান্ত গগৈক। জানিব পৰা মতে, শিৱসাগৰ ফুলপানী চিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ঘনকান্ত গগৈয়ে । ঘটনাত আহত হৈছে শিৱসাগৰ নগৰ আৰক্ষী উপ- পৰিদৰ্শক দেৱাশীষ শৰ্মা ।

জানিব পৰা মতে, শিৱসাগৰ সদৰ থানাত ৰুজু হৈ থকা ১০৮/২০২৪ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে লৈ গৈছিল ঘনকান্ত গগৈক। পঞ্জাৱ নেশ্যনেল বেংকৰ মেনেজাৰ দেবব্ৰত বুঢ়াগোহাঁইয়ে ২০২৪ চনত ৰুজু কৰিছিল গোচৰ। বেংকৰ ঋণ লৈ ঘূৰাই দিয়া নাছিল ঘনকান্ত গগৈয়ে ।

আনহাতে পুৱাৰ ভাগত শিৱসাগৰৰ ফুলপানীছিগাত এনকাউণ্টাৰস্থলীত উপস্থিত হয় SSP পাপৰি চেতিয়া । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক ঋষভ হান্সসহ অন্যান্য আৰক্ষী বিষয়াসকল ।

ঘনকান্ত গগৈৰ মৃত্যুৰ পিছত শিৱসাগৰৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই কয়,"ঘাটক ঘনকান্তই প্ৰস্ৰাৱ কৰিব বিচাৰিছিল বুলি কৈ আমাৰ পুলিচৰ ৰিভলভাৰ কাঢ়ি লৈ পলাই যোৱাৰ চেষ্টা কৰিছিল । ঘনকান্তই তিনিজাই গুলীচালনা কৰিছিল । আৰক্ষীৰ বাহনখনৰ পিছফালৰ দুৱাৰ আৰু বাম্পাৰত দুটা গুলী লাগে। আমাৰ পুলিচক বচাবলৈ আন এজন বিষয়াই ঘনকান্তক গুলীয়ায় । এই গুলী ঘনকান্তৰ বুকুত লাগে।"

শিৱসাগৰৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই কয় যে ঘনকান্ত গগৈ প্ৰশিক্ষণপ্ৰাপ্ত অপৰাধী আছিল। সেয়ে আৰক্ষীয়ে কোনো ধৰণৰ বিপদৰ আশংকা ল’ব বিচৰা নাছিল। আনহাতে, আহত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মাক বৰ্তমান জয় সাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখ্য যে যোৱা ২৬ অক্টোবৰত গুৱাহাটীৰ বৰা ছাৰ্ভিচস্থিত হোটেল বিলাস ইনত গুলীচালনা কৰি পাঁচগৰাকী লোকক হত্যা কৰিঠিছিল ঘনকান্ত গগৈয়ে। সেই গোচৰত গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছিল ঘাতক ঘনকান্ত।

এনকাউণ্টাৰৰ বাবে অসম চৰকাৰক ধন্যবাদ হেলেনা ভৰালীৰ পৰিয়ালৰ । “ঘনকান্তৰ এনে এটা খৱৰৰ বাবে ৰৈ আছিল হেলেনা ভৰালীৰ পৰিয়াল । দ্বিতীয় এজন ঘনকান্ত গগৈৰ জন্ম নহওক অসমত“- দিলীপ ভৰালী
##GhanakantaGogoi #PoliceEncounter #sivasagar #BreakingNews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।