Saturday, 07 November 2026
লগইন
ব্ৰেকিং

চিকিৎসকৰ বিৰুদ্ধে মহিলাক যৌ*ন নিৰ্যাতনৰ অভিযোগ

ভগৱানৰূপী চিকিৎসকৰ কৰিলে এই কাণ্ড

নিউজ ডেস্ক: উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসা প্ৰতিষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)-ত এজন চিকিৎসকৰ বিৰুদ্ধে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত অভিযুক্ত চিকিৎসক ডাঃ ঋষিকেশ অধিকাৰীক ভঙাগড় আৰক্ষীয়ে আটক কৰি জেৰা চলাইছে।

অভিযোগ অনুসৰি, চিকিৎসক ঋষিকেশ অধিকাৰীয়ে স্বাস্থ্য পৰীক্ষাৰ আওতা লৈ মহিলাগৰাকীক আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল। মহিলাগৰাকীৰ মতে, তেওঁৰ সৈতে তেওঁৰ মাহীয়েক/পেহীয়েক (Aunt) আছিল, যাক পিছত পৰীক্ষা কক্ষৰ (examination room) পৰা ওলাই যাবলৈ কোৱা হৈছিল। তেওঁ অভিযোগ কৰা অনুসৰি চিকিৎসকগৰাকীয়ে তেওঁক তেওঁৰ প্ৰেমিক আৰু তেওঁলোকৰ শাৰীৰিক সম্পৰ্কৰ বিষয়ে সুধিছিল। ইয়াৰ পিছত চিকিৎসকগৰাকীয়ে তেওঁক পৰীক্ষা কৰাৰ বাবে জোৰ দিছিল।

মহিলাগৰাকীৰ মতে, তেওঁৰ সৈতে তেওঁৰ আত্মীয় আছিল, যাক পিছত পৰীক্ষা কক্ষৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল। লগতে অভিযোগ কৰে যে, চিকিৎকজনে তেওঁক তেওঁৰ প্ৰেমিক আৰু তেওঁলোকৰ শাৰীৰিক সম্পৰ্কৰ বিষয়ে সুধিছিল। ইয়াৰ পিছত চিকিৎসকগৰাকীয়ে তেওঁক পৰীক্ষা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। তাৰ পিছত তলপেট আৰু বুকু পৰীক্ষা কৰাৰ বাবে চিকিৎসকজনে তেওঁক শুবলৈ কৈছিল। 

তাৰোপৰি মহিলাগৰাকীয়ে দাবী কৰে যে, যেতিয়া তেওঁ কাপোৰ খুলিবলৈ অস্বস্তি প্ৰকাশ কৰিছিল, তেতিয়া চিকিৎসকে তেওঁৰ ট্ৰাউজাৰ তললৈ টানি দিছিল আৰু তেওঁৰ সন্মতি অবিহনে তেওঁৰ গোপন অংগ স্পৰ্শ কৰিছিল।

মহিলাগৰাকীয়ে কয় যে, এই ঘটনাটোৰ সময়ত তেওঁ ভাঙি পৰিছিল। তেওঁৰ বিৱৰণ অনুসৰি, তাৰ পিছত চিকিৎসকে তেওঁক কাপোৰ পিন্ধিবলৈ কয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ কোনো ধৰণৰ যৌন অনুভূতি হৈছিল নেকি সেই বিষয়ে প্ৰশ্ন কৰে।

মহিলাগৰাকীয়ে কয়, "মই অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু তেওঁ এজন চিকিৎসক হোৱাৰ বাবেই মই একো কোৱা নাছিলোঁ। তাৰ পিছত, তেওঁ মোৰ সেই অংশত আপত্তিজনকভাৱে স্পৰ্শ কৰিলে। ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ মাজৰ পাৰ্থক্যটো আমি জানো। সেয়া এটা বেয়া স্পৰ্শ আছিল। তাৰ পিছত মই তেওঁক ক’লোঁ যে মই আৰামদায়ক অনুভৱ কৰা নাই । মই কেৱল মোৰ বয়ফ্ৰেণ্ডৰ মেডিকেল ৰিপৰ্ট দেখুৱাবলৈহে তালৈ গৈছিলোঁ। এনেকুৱা কিবা এটা হ’ব বুলি মই কেতিয়াও ভবা নাছিলোঁ।"

অভিযুক্ত চিকিৎসক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ছাৰ্জাৰী বিভাগৰ ড° ঋষিকেশ অধিকাৰীক মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে আটক কৰে। তদন্তৰ অংশ হিচাপে তদন্তকাৰী বিষয়াসকলে হাস্পতালখনৰ CCTV ফুটেজো পৰীক্ষা কৰিছে। 

ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ৬৮, ৭২ আৰু ৭৫-ৰ অধীনত ১১৭/২৬ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। বৰ্তমান অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
##bigupdate #newsupdate #gmch #assam #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।