নিউজ ডেস্ক : গুৱাহাটীৰ গুলীচালনাৰ ঘটনাত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে । জানিব পৰা মতে সম্পত্তি, পাৰিবাৰিক সংঘাতৰ বাবেই হোটেল বিলাস সোমবাৰে সংঘটিত হৈছিল ভয়ংকৰ গুলীচালনাৰ ঘটনা । এই ঘটনাত ৬ জন লোকৰ মৃত্যু হৈছে । এই ছয়জনৰ ভিতৰত ৫ গৰাকী নিহত ব্যক্তিৰ নাম জানিব পৰা গৈছে ।
তেওঁলোক হৈছে- হোটেল বিলাস ইনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, হেলেনা ভৰালীৰ পুত্ৰ দেৱৰ্ষি ঈষাণ কাশ্যপ, বিলাস ইনৰ এগৰাকী মহিলা কৰ্মচাৰী, হেলেনা ভৰালীৰ জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালী, আৰু নাৰায়ণ দাস, বিলাস ইনৰ কৰ্মচাৰী । উল্লেখযোগ্য যে সোমবাৰে নিশা ৯ বজাৰ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা । ইতিমধ্যে আৰক্ষীয়ে মূল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে ।
ধৃত হত্যাকাৰীটোৰ নাম হৈছে ঘনকান্ত গগৈ । যিটো পিষ্টলেৰে ঘনকান্ত গগৈয়ে গুলীচালনা কৰিছিল সেই পিষ্টলটোও ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে বুলি মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই উল্লেখ কৰিছে । জানিব পৰা মতে, লাইচেন্স থকা এটা .৩২ পিষ্টলেৰে সমগ্ৰ ঘটনাটো ঘনকান্ত গগৈয়ে অকলেই সংঘটিত কৰিছিল । মহানগৰীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই জনোৱা মতে, বিলাস ইন হোটেলখন এবছৰ পূৰ্বে ঘনকান্ত গগৈয়ে লীজত লৈছিল ।
ঘনকান্ত গগৈ আৰু মালিকৰ মাজত চলি থকা বিবাদৰ পৰিণতিতেই এই ঘটনা সংঘটিত হয় । হোটেলখনৰ মালিকীস্বত্বক লৈয়েই দীৰ্ঘদিন ধৰি এক বিবাদ চলি আছিল । মৃত্যু হোৱা চাৰিওজনেই হৈছে মালিক পক্ষৰ । এজন তেওঁলোকৰ গাঁৱৰ । উল্লেখযোগ্য যে ঘনকান্ত গগৈয়ে মুঠ ৭ জাই গুলীচালনা কৰিছিল আৰু এই ৭ জাই গুলীত ইতিমধ্যে ৬ জনৰ মৃত্যু হৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।