Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ঘাটক ঘনকান্তই কিয় হত্যা কৰিলে ৬ জনক, সন্ধানত SITৰ দল

সম্পত্তিৰ বিবাদ নে ঘৰুৱা বিবাদ

নিউজ ডেস্ক : গুৱাহাটীৰ হোটেল বিলাস হত্যাকাণ্ডই ৰাজ্যৰ মাজত প্ৰতিক্ৰিয়াৰ সৃ্ষ্টিৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ তথ্য । ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত গঠন কৰিছে ৬জনীয়া SIT দল ।

জানিব পৰা মতে, নৃশংস হত্যাকাণ্ডৰ পিছতেই ঘনকান্তই ফোন কৰি তেওঁৰ পত্নী জোনমণি গগৈক কৈছিল ৬জন লোকক গুলীওৱাৰ কথা । ইয়াৰ পিছতে ঘনকান্তই সাউকুছিৰ ভাড়াঘৰ এৰিবলৈ কৈছিল পত্নী জোনমণিক । সন্তানক লগত লৈ নিৰাপদ স্থানলৈ যাবলৈ কৈছিল ঘনকান্তই।

উল্লেখযোগ্য যে সোমবাৰে নিশা ৯ বজাত সংঘটিত হৈছিল এই নৃশংস ঘটনাটো । হোটেল বিলাস ইনত ঘনকান্তই গুলীয়াই হত্যা কৰিছিল ৫জন লোকক আৰু ঘটনাৰ কেইমিনিট মানৰ পাছতে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘনকান্তক । 

আৰক্ষীয়ে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত হোটেলখনৰ মালিকসকলে ঘনকান্ত গগৈৰ সৈতে পাঁচ বছৰৰ বাবে এখন ভাড়াচুক্তি সম্পাদন কৰিছিল । চুক্তি অনুসৰি, হোটেলখনৰ মাহিলি ভাড়া আছিল ১ লাখ ৮০ হাজাৰ টকা আছিল । অভিযুক্তই হোটেলখনৰ মেৰামতি আৰু নৱীকৰণৰ কাম সম্পন্ন কৰাৰ পিছত হোটেলৰ চৌহদৰ ব্যৱহাৰ আৰু কেতবোৰ সা-সুবিধাক লৈ দুয়োপক্ষৰ মাজত মতানৈক্যৰ সৃষ্টি হয় ।

আৰক্ষীয়ে লগতে কয় যে, বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে ২৬ অক্টোবৰত হোটেলখনত এখন বৈঠকৰ আয়োজন কৰা হৈছিল । কিন্তু বৈঠক আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পূৰ্বেই দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয় । পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ শাৰীৰিক সংঘৰ্ষৰ ৰূপ লয় ।
##bigupdate #newsupdate #tragicincident #guwahati #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।