Saturday, 07 November 2026
লগইন
ব্ৰেকিং

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মহানগৰ যানবাহন আৰক্ষীৰ SOP জাৰি

মহানগৰ যানবাহন আৰক্ষীৰ SOP জাৰি

নিউজ ডেস্ক:  আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ। দেৱী দুৰ্গাৰ আগমনক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। দেৱী দুৰ্গতিনাশিনীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে শাৰদীয় দুৰ্গোৎসৱৰ মূল পৰ্ব। ভক্তপ্ৰাণ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ-উদ্দীপনা। আজি ষষ্ঠী, আজিৰে দশমীলৈকে ৰাজ্যজুৰি পৰিলক্ষিত হ'ব এক বুজাব নোৱাৰা অনন্য পৰিৱেশ। ৰাজপথত পৰিলক্ষিত হ'ব পূজা চাবলৈ যোৱা অনন্য ভক্তৰ ভিৰ। 

তাৰে ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। যাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী যানবাহন আৰক্ষীয়ে দুৰ্গোৎসৱৰ এই সময়ছোৱাত জনসাধাৰণৰ সুৰক্ষা আৰু জৰুৰীকালীন বাহনসমূহৰ সুকলমে চলাচল নিশ্চিত কৰিবলৈ বিশেষ যান-বাহন নিৰ্দেশনা জাৰি কৰিছে। আজিৰে পৰা ২০ অক্টোবৰলৈ বাহাল থাকিব এই নিৰ্দেশনা। 

মালবাহী বাহনৰ চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা:

দুৰ্গা পূজাৰ সময়ত ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈকে সকলো সামগ্ৰী কঢ়িওৱা বাহনক পুৱা ৪ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ মহানগৰীত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ’ব।

প্ৰৱেশৰ কোনো বাধা নাই (দুপৰীয়া ২:০০ বজাৰ পৰা নিশা ২:০০ বজালৈ) 

* দিছপুৰ থানা এলেকা:

1) ড° আৰ. পি. ৰোড গণেশ মন্দিৰৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতুৰ ফালে একমুখী হ'ব।

2) জু ৰোডৰ দিশৰ পৰা (গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে) দিছপুৰৰ গণেশ মন্দিৰৰ ফালে কোনো ধৰণৰ বাহন সোমাবলৈ দিয়া নহ’ব।

3) গণেশগুৰি পাইকাৰী বজাৰৰ ওচৰৰ চাৰ্ভিচ ৰোডৰ পৰা আৰ. পি. ৰোড বা জু ৰোডলৈ কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

*বশিষ্ঠ থানা এলেকা:

1) পীৰ আজান ফকীৰ ৰোড (বেলতলা বজাৰ ৰোড) বেলতলা তিনিআলিৰ দিশৰ পৰা জয়নগৰ চাৰিআলিৰ দিশলৈ একমুখী (One-way) হ’ব।

2) জয়ানগৰ চাৰিআলিৰ ফালৰ পৰা বেলতলা তিনিআলিৰ দিশে কোনো বাহন সোমাব দিয়া নহ’ব।

3) বিষ্ণু ৰাভা পথটো বেলতলা তিনিআলিৰ দিশৰ পৰা ভেটাপাৰা চাৰিআলিৰ পিনে একমুখী হ’ব। কোনো ধৰণৰ বাহনক বিষ্ণু ৰাভা পথেৰে ভেটাপাৰা তিনিআলিৰ পৰা বেলতলা তিনিআলিৰ দিশলৈ প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

4) বেলতলা তিনিআলিৰ ফালৰ পৰা বশিষ্ঠ চাৰিআলিৰ দিশলৈ কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

5) AO অফিচৰ উপ-পথটো AG অফিচৰ ফালৰ পৰা সৌৰভ নগৰ আৰু ত্ৰিপুৰা গলিৰ দিশলৈ একমুখী (one-way) হ’ব। ত্ৰিপুৰা গলি আৰু সৌৰভ নগৰৰ ফালৰ পৰা কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

6) ত্ৰিপুৰা গলিত কেৱল এটা দিশতহে বাহন পাৰ্কিং কৰিবলৈ অনুমতি দিয়া হ’ব।

7) বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিৰ দিশলৈ বাহনৰ প্ৰৱেশ নিষেধ।

* ভৰলুমুখ থানা এলেকা:

1) ফটাশিল চাৰিআলি, ৰেলৱে গেট নং ৬, ৭, ৮ আৰু সতী জয়মতী পথৰ পৰা কুমাৰপাৰা পাঁচ আলিৰ দিশে কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

2) চাবিৰ্পুলৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলিৰ দিশে কোনো ধৰণৰ বাহন সোমাবলৈ দিয়া নহ’ব। ফটাশিল চাৰিআলিৰ পৰা চাবিৰ্পুলৰ দিশে কেৱল একমুখী (One-way) বাহন চলাচলৰ অনুমতি দিয়া হ’ব।

3) আৰ. কে. চৌধুৰী ৰোডৰ পৰা কে. আৰ. চি. ৰোডলৈ কোনো বাহন সোমাবলৈ দিয়া নহ'ব।

4) এ.টি. ৰোড (আঠগাঁও উৰণীয়া সেতুৰ পৰা ভৰলুমুখলৈ), ডি.জি. ৰোড (ভৰলুমুখৰ পৰা কালিপুৰৰ মাজত) আৰু আৰ.কে.চি. ৰোডত (গেট নং ৯ৰ পৰা ফটাশিল চাৰিআলিলে) বাহন পাৰ্কিং কৰিবলৈ দিয়া নহ’ব।

5) বিষ্ণুপুৰ দলঙৰ পৰা চাইকেল ফেক্টৰীৰ দিশে কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

6) হাৰিয়ানা ভৱনৰ পৰা ফটাশিল চাৰিআলি/ কুমাৰপাৰা পাঁচালীৰ দিশে কোনো যান-বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

7) ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচ আলিৰ দিশে কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

*জালুকবাৰী থানা এলেকা:

গুৱাহাটী যানবাহন আৰক্ষীয়ে ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ সমগ্ৰ মহানগৰীৰ লগতে পাণ্ডু অঞ্চলতো যান-বাহন চলাচলৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে। পাণ্ডু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ট্ৰেফিক নিৰ্দেশনাৱলী তলত উল্লেখ কৰা হ’ল:

1) আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু ঘাটলৈ লঘু মটৰ যান (LMV), তিনিচকীয়া আৰু দুচকীয়া বাহনৰ বাবে একমুখী (one-way) হ’ব। পাণ্ডু ঘাটৰ পৰা আদাবাৰী অভিমুখে অহা বাহনসমূহ মালিগাঁও চাৰিআলি হৈ চলাচল কৰিব লাগিব।

2) মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু বজাৰ বা পাণ্ডু ঘাট সংযোগী পথত কোনো ধৰণৰ বাহন চলাচল কৰিবলৈ দিয়া নহ’ব। 

* পানবজাৰ থানা এলেকা :

এম.এছ. ৰোডৰ পৰা ৪ নম্বৰ গেটৰ দিশে কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব।

চানমাৰি থানা/ গীতানগৰ থানা এলেকা :

1) অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলিলৈ কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

2) কেৱল হাতীগড় চাৰিআলিৰ পৰাহে যান-বাহন প্ৰৱেশ কৰিব পাৰিব।

* নুনমাটি থানা এলেকা:

বন্দনা পইণ্টৰ পৰা SBI গলি হৈ ৰিফাইনেৰী গেটলৈ কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

* লতাশিল থানা এলেকা :

উচ্চ ন্যায়ালয়ৰ পূব প্ৰান্তৰ পৰা লতাশিল চাৰিআলি পৰ্যন্ত পি. চি. ৰোডত (PC Road) কোনো ধৰণৰ বাহন চলাচল কৰিবলৈ দিয়া নহ’ব। 

* চিটী বাছৰ সেৱাৰ বাবে :

1) বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ (বশিষ্ঠ চাৰিআলি-বেলতলা তিনিআলি-চাৰ্ভে-ছুপাৰমাৰ্কেট- গণেশগুৰি ফ্লাইঅ'ভাৰ- পল্টনবজাৰ-এ টি ৰোড- ভৰলুমুখ-মালিগাঁৱৰ জৰিয়তে)বশিষ্ঠ চাৰিআলি -কইনাধৰা পইণ্ট- খানাপাৰা ৰ'টাৰী-জি এছ ৰোড- পল্টন বজাৰ-নেপালী মন্দিৰ-এ টি ৰোড- ভৰলুমুখ-ধাৰাপুৰৰ মাজেৰে যাব লাগিব।

2) আদাবাৰী বাছ ষ্টেণ্ডৰ পৰা লালগনেশলৈ ( মালিগাঁও-কছাৰী-ৰবীন্দ্ৰ ভৱন-গুৱাহাটী ক্লাব-চান্দমাৰী-চিৰিয়াখানা ফ্লাইঅ'ভাৰ-গনেশগুৰি-গনেশমন্দিৰ-কাহিলীপাৰা-লালগনেশ) মালিগাঁও-কছাৰী-ৰবীন্দ্ৰ ভৱন-গুৱাহাটী ক্লাব- চন্দমাৰী-ফ্লাইঅ'ভাৰ-চিৰিয়াখানাৰ ফ্লাইঅ'ভাৰ-চিৰিয়াখানা পথ -গনেশগুৰিৰ মাজেৰ ফ্লাইঅ'ভাৰ- চুপাৰ মাৰ্কেট-লাষ্ট গেট -ৰাজধানী মছজিদ- গণেশ মন্দিৰ- লালগণেশ। 

3) পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ (ছয় মাইল-ছুপাৰমাৰ্কেট-লাষ্ট গেট-গনেশ মন্দিৰ-চিৰিয়াখানা পথ-চান্দমাৰী-এমজি ৰোডৰ জৰিয়তে) পাঞ্জাবাৰী ৰোড- VIP ৰোড-নুনমাটি-চান্দমাৰী-MG ৰোডেৰে নিজ গন্তব্যস্থানলৈ যাব লাগিব।

ধৰাপুৰৰ পৰা চিটি বাছসমূহ মালিগাঁও-চান্দমাৰী-চিৰিয়াখানা পথ-গণেশগুৰিৰ ফ্লাইঅ'ভাৰ ছয়মাইল ফ্লাইঅ'ভাৰ হৈ পাঞ্জাবাৰী পথৰ মাজেৰে যাব লাগিব।

4) হাতীগাওঁৰ পৰা ধৰাপুৰলৈ (হাতীগাঁও চাৰিলালি-ৰাজধানী মছজিদ-R.P. ৰোড-গনেশগুৰি আণ্ডাৰ-ব্ৰিজ-চিৰিয়াখানা পথ-চান্দমাৰী-এম জি ৰোড-ধাৰাপুৰ) বাছে ধাৰাপুৰ-এম জি পথ-চান্দমাৰী-চিৰিয়াখানা পথ-গণেশগুৰি ফ্লাইঅভাৰ-ছুপাৰমাৰ্কেট-শেষ গেট-ৰাজধানী মছজিদ-হাতগাঁও হৈ -হাতীগাঁও চাৰিআলিলৈ উভতি আহিব লাগিব। 

আন্তঃজিলা বাছ সেৱা:

নামনি অসমৰ ফালৰ পৰা পল্টনবজাৰৰ দিশলৈ অহা ASTC অধীনস্থ বাছসমূহক জালুকবাৰীৰ ফালৰ পৰা প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব আৰু সেইবোৰক ISBT অভিমুখে ডাইভাৰ্ট কৰা হ’ব।

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মহানগৰ যানবাহন আৰক্ষীৰ SOP জাৰি
শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মহানগৰ যানবাহন আৰক্ষীৰ SOP জাৰি


##assam #bigupdate #newsupdate #durgapuja #guwahatipolice #sop #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।