নিউজ ডেস্ক : সন্মানীয় ব্যক্তিৰ ঘৰত গভৰ নিশা বাৰে বাৰে ফোন, দুৱাৰ খটখটোৱা আৰু তলা খোলাৰ চেষ্টা এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ। ডিব্ৰুগড়ত মহাবীৰ বাগড়িয়াৰ বাসগৃহত মাজনিশা সংঘটত হয় এই ঘটনা। প্ৰতিষ্ঠিত ব্যৱসায়ী সজ্জন হৰলালকাৰ বিৰুদ্ধ এই অভিযোগ।
অভিযোগকাৰীৰ বিৱৰণ অনুসৰি, শনিবাৰে মাজ নিশা মহাবীৰ প্ৰসাদ বাগৰিয়া ডিব্ৰুগড় থানা চাৰিআলি শনি মন্দিৰ পথত অৱস্থিত ঘৰৰ সন্মুখত নিচাসক্ত হৈ উপস্থিত হৈছিল সজ্জন হৰলালকাৰ। মহাবীৰ প্ৰসাদ বাগৰিয়া ঘৰৰ সন্মুখত উপস্থিত হৈ নিচাসক্ত অৱস্থাত থকা সজ্জন হৰলালকাৰে অশ্লীল শব্দ প্ৰায়োগ কৰাৰ লগতে প্ৰাণে মৰা ভাবুকি প্ৰদান কৰে মহাবীৰ প্ৰসাদ বাগৰিয়াক।
তথ্য অনুসৰি, মহিলাকো দুৰ্ব্যৱহাৰ কৰে সজ্জন হৰলালকাৰে। ইতিম্যেই মহাবীৰ প্ৰসাদ বাগৰীয়াৰ পৰিয়ালে ধৃত ব্যৱসায়ীটোৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে কৰিছে তদন্ত। JSB নামৰ প্ৰতিষ্ঠিত নিৰ্মাণ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সজ্জন হৰলালকাৰ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।