নিউজ ডেস্ক : ৰাজ্যত বৃদ্ধি পাব বিদ্যুতৰ মাচুল । প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে সৰ্বাধিক ৫ পইচাকৈ মাচুল বৃদ্ধি কৰা হ’ব । এই মাচুল বৃদ্ধি আঁৰত আছে মধ্য প্ৰাচ্যত চলি থকা যুদ্ধ তথা সংকট । কেৱল ভাৰত বা অসমে নহয় বিশ্ব বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত অসমতো সাময়িকভাৱে প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মঙলবাৰে মুখ্যমন্ত্রী শৰ্মাই কয়,”মধ্য প্ৰাচ্যত চলি থকা সংকটৰ বাবে বিশ্ব বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি হৈছে । পৰিপ্ৰেক্ষিতত অসমতো সাময়িকভাৱে বৃদ্ধি পাব বিদ্যুতৰ মাছুল । এইয়া এক সাময়িক ব্যৱস্থা আৰু অহা তিনি মাহৰ পিছত অথবা পৰিস্থিতি স্বাভাৱিক হ’লেই এই বৰ্ধিত মাচুল প্ৰত্যাহাৰ কৰা হ’ব ।”
তেওঁ লগতে কয়,”বিদ্যুতৰ মাচুল বৃহৎ পৰিমাণে বৃদ্ধি কৰা নহয় । যেতিয়া ইন্ধনৰ মূল্য বৃদ্ধি পায়, তেতিয়া বিদ্যুতৰ দৰো বৃদ্ধি পায় । আমি বৰ্তমান বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আছো । প্রতি ইউনিটত মাত্ৰ ৪ ৰ পৰা ৫ পইচাৰ এক নূন্যতম বৃদ্ধি কৰা হৈছে ।”
গ্রাহকৰ ওপৰত যাতে অতিৰিক্ত বোজা নপৰে, সেই সন্দৰ্ভতো চৰকাৰে সতৰ্কতা অৱলম্বন কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে । আনহাতে APDCLৰ মতে ১৪৫ কোটিৰ ঘাটি পূৰণৰ বাবে বৃদ্ধি পাব বিদ্যুতৰ মাছুল। ইয়াৰে ১০০ কোটি বাজেটৰ পৰা সংগ্ৰহ কৰিব APDCL-এ। বাকী ৪৫ কোটি টকাৰ সন্দৰ্ভত পিছত সিদ্ধান্ত লোৱা হ’ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।