Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ভয়ংকৰ আক্ৰমণত নিহত এজন, আহত ৮ জন

ভয়ংকৰ আক্ৰমণ

নিউজ ডেস্ক : চৌদি আৰৱৰ পূব প্ৰান্তৰ চহৰ দাম্মামৰ কিং ফাহদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা এক আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আঠজন লোক আহত হৈছে বুলি দেশখনৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই ঘোষণা কৰে।

General Authority of Civil Aviation (GACA)-এ বুধবাৰে এক বিবৃতিযোগে অৱগত কৰে যে, সকলো আহত ব্যক্তিকে, যাৰ আঘাত সামান্যৰ পৰা গুৰুতৰ আছিল, চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

চৌদি আৰামকোৰ ছাইবাহ তৈলক্ষেত্ৰৰ এটা প্ৰতিষ্ঠানক লক্ষ্য কৰি অহা এটা ড্ৰোণ চৌদি বিমান প্ৰতিৰক্ষা বাহিনীয়ে আকাশতে ধ্বংস কৰাৰ পিছত ইয়াৰ ভগ্নাংশ পৰি দুজন লোকৰ মৃত্যু হৈছে, বুলি দেশখনৰ শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰে।

হুথা বাহিনী আৰু চৌদি আৰৱৰ সমৰ্থিত আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত য়েমেন চৰকাৰৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়তে চৌদি আৰৱৰ বিমান বন্দৰসমূহৰ ওপৰত ধাৰাবাহিকভাৱে চলি অহা আক্ৰমণৰ ভিতৰত এয়া আছিল শেহতীয়া আক্ৰমণ।

বিগত সপ্তাহত, ৰাজ্যখনে সদৰী কৰিছিল যে, ১১ অক্টোবৰত ৰিয়াদৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা এক ক্ষেপনাস্ত্ৰ আক্ৰমণত এজন লোক নিহত আৰু ১১ জন আহত হৈছিল। আনহাতে ১০ অক্টোবৰত, অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি একেটা বিমানবন্দৰতে হোৱা আন এক সুকীয়া আক্ৰমণত ১২ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৩০০ তকৈও অধিক লোক আহত হৈছিল।

বুধবাৰে, চৌদি আৰৱত ধাৰাবাহিকভাৱে চলি থকা হুথী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰে তাত থকা নিজৰ কূটনৈতিক মিছনসমূহৰ পৰা কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক সেই স্থান এৰি গুচি যাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও, অঞ্চলটোত থকা আন কেইবাটাও আমেৰিকান মিছনৰ পৰাও পৰিয়ালৰ সদস্যসকলক প্ৰত্যাহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি আমেৰিকাৰ বিষয়াসকলে সদৰী কৰে।

তথ্য অনুসৰি, ৰিয়াদত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে বুধবাৰে চৌদি আৰৱত হুথী বিদ্ৰোহীৰ দ্বাৰা হ’ব পৰা সম্ভাৱ্য অতিৰিক্ত আক্ৰমণৰ সন্দৰ্ভত এক নিৰাপত্তা সতৰ্কবাণী জাৰি কৰে।
##bigupdate #newsupdate #horrificattack #internationalnews #saudiarab #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।