আনহাতে বুধবাৰে ধুবুৰীত 9 জনকৈ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয় ৷ উল্লেখ্য যে, অসমৰ কাছাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংযোজিত হৈ আছে ৷
একেদৰে 19 অক্টোবৰৰ ভিতৰত গুৱাহাটীৰ হোটেল আৰু কামাখ্যা ৰে’লৱে ষ্টেচনত কমেও 94 গৰাকী অবৈধ বাংলাদেশীক আটক কৰিছিল আৰক্ষীয়ে ৷ উল্লেখ্য যে বিগত সময়ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ কুচনিমাৰা অঞ্চলতো ১৩ জন বাংলাদেশী নাগৰিক গ্ৰেপ্তা কৰিছিল ৷ এই দলটোৱে কুচনিমাৰাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰোতেই মানকাচৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । বিগত কেইবামাহত অবৈধ বাংলাদেশী নাগৰিকক অসমৰ বিভিন্ন ঠাইত প্ৰৱেশ কৰাত স্থানীয় লোকে সহায় কৰি অহাৰ অভিযোগত কেইবাজনকো আৰক্ষীযে আটক কৰে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।