প্লাব্লিক বিমান ট্ৰেকিঙৰ তথ্য অনুসৰি, ফ্লাইডুবাই বিমানখনে বুধবাৰে উৰণ আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতেই জৰুৰীকালীন সতৰ্কবাণী প্ৰেৰণ কৰে।
এয়াৰলাইনে এই কথা নিশ্চিত কৰিছে যে, বিমানখনে যাত্ৰাপথত এক ঘটনাৰ সন্মুখীন হৈছিল। তাৰোপৰি তেওঁলোকে জনায় যে, বিমানখন চৌদি আৰৱৰ তাবুক বিমানবন্দৰত অৱতৰণ কৰে আৰু সকলো যাত্ৰীকে সুৰক্ষিত আৰু অক্ষত অৱস্থাত পোৱা যায়।
ঘটনাৰ অধিক বিৱৰণ পাছত জনোৱা হ'ব
প্ৰাপ্ত তথ্য অনুসৰি, বিমানখনত অনাধিকাৰ হস্তক্ষেপ (unlawful interference) জাৰি কৰাৰ কাৰণ আছিল পাইলটৰ মাজত হোৱা তৰ্ক-বিতৰ্ক বা সংঘাত।
প্ৰতিবেদনসমূহৰ লগে লগে সত্যতা নিৰূপণ কৰাটো সম্ভৱ নাছিল
উল্লেখ্য যে, ফ্লাইটৰাডাৰ ৱেবচাইটৰ তথ্য অনুসৰি, উৰণৰ সময়ত বিমানখনে হঠাতে উচ্চতা হেৰুৱাই পেলাইছিল আৰু GMT ৫.২১ বজাত প্ৰায় ৩৪,০০০ ফুটৰ পৰা ৫.২২ বজাত ১৭,০০০ ফুটতকৈও তললৈ নামি আহিছিল।ইতিমধ্যে ইজৰাইলৰ তৰফৰ পৰা তথ্য প্ৰকাশ কৰিছে যে,তেওঁলোকে চৌদি আৰৱৰ পৰা ইজৰাইলী যাত্ৰীসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিছে।
প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে আৰু যাত্ৰীসকলক সুৰক্ষিতভাৱে ইজৰাইললৈ বৰ্তমান ঘূৰাই অনাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ফ্লাইট টেকিঙৰ তথ্য অনুসৰি বিমানখন আছিল Boeing 737 Max 8।
উল্লেখ্য যে, ২০২২ চনত বিমান চালনাৰ ইতিহাসত এক অস্বাভাৱিক ঘটনা ঘটিছিল য'ত এয়াৰ ফ্ৰান্সৰ দুজন পাইলটৰ তৰ্ক-বিতৰ্ক আৰু হতাহতিৰ সৃষ্টি হৈছিল যাৰ বাবে দুয়োগৰাকীকে পাছত নিলম্বন কৰা হৈছিল।
অৱতৰণৰ ঠিক পূৰ্বে অৱনমন হৈছিল
বিমানযাত্ৰীসকলে ফোনযোগে ইজৰাইলৰ সংবাদ মাধ্যম চেনেল-১২ ক জনায় যে, তেওঁলোকে বিমানখনৰ সন্মুখৰ ভাগৰ পৰা চিঞৰ-বাখৰ আৰু পাইলটসকলৰ মাজত হোৱা তৰ্ক-বিতৰ্ক শুনিবলৈ পাইছিল আৰু চৌদি আৰৱত অৱতৰণ কৰাৰ পূৰ্বে বিমানখন খৰখেদাকৈ তললৈ নামি আহিছিল। লগতে তেওঁলোকে কয় যে, আটাইকেইজন যাত্ৰী বিমানখনৰ ভিতৰতে আছিল আৰু চৌদি নিৰাপত্তা বাহিনীৰ এক বৃহৎ দল তেওঁলোকৰ কাষত আছিল।
উল্লেখ্য যে, ফ্লাইডুবাই হৈছে এমিৰেটছ এয়াৰলাইনৰ তুলনামূলকভাৱে কম খৰচী ভগ্নী বিমান প্ৰতিষ্ঠান। ২০২০ চনত UAE আৰু ইজৰাইলৰ মাজত কূটনৈতিক সম্পৰ্ক স্বাভাৱিক হোৱাৰ পিছৰে পৰা ইজৰাইলী পৰ্যটকসকলৰ বাবে UAE এক সৰু সময় কটোৱা স্থান হৈ পৰিছে।
ইজৰাইলী সেনাই এক বিবৃতিযোগে প্ৰকাশ কৰে যে, এই ঘটনাৰ পিছতে ইজৰাইলী জেনেৰেল ষ্টাফৰ প্ৰধান ইয়াল জামিৰে জ্যেষ্ঠ বিষয়াৰ সৈতে পৰিস্থিতি সম্পৰ্কে এক মূল্যায়ন বৈঠক অনুষ্ঠিত কৰে।
ফ্লাইডুবাইৰ বিমান বহৰ সম্পূৰ্ণৰূপে ৭৩৭ আৰ্হিৰ বিমানৰ ওপৰত নিৰ্ভৰশীল। এইখন বিশ্বজুৰি বহুলভাৱে ব্যৱহাৰ হোৱা এটা যুটীয়া ইঞ্জিনযুক্ত, এটা মাত্ৰ পথ থকা বিমান। এয়াৰলাইনছৰ ওচৰত এনেধৰণৰ প্ৰায় ১০০ খন বিমান আছে যাৰ ভিতৰত ৬৯ খন মেক্স ৮ প্ৰকাৰৰ বিমান অন্তৰ্ভুক্ত হৈ আছে।
বিমানখনৰ উৰণ ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আৰম্ভ হৈছিল, যিটো মধ্যপ্ৰাচ্যৰ আটাইতকৈ ব্যস্ত বিমান বন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ। জানিব পৰা মতে, ই বিগত বৰ্ষত ৯৫.২ নিযুত (৯কোটি ৫২ লাখ) যাত্ৰীক সেৱা আগবঢ়াইছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।