নিউজ ডেস্ক : ২০২৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যকালীন নিৰ্বাচনত আমেৰিকান ৰাজনীতিত ভাৰতীয়-আমেৰিকান প্ৰাৰ্থীসকলৰ উপস্থিতি ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে । য’ত কেইবাজনেও গুৰুত্বপূৰ্ণ কংগ্ৰেছ আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰিছে ।
ডেম’ক্ৰেটিক দলৰ পিয়া দাণ্ডিয়াই ফ্ল’ৰিডাৰ ২২ নং কংগ্ৰেছ জিলাৰ পৰা ৰিপাব্লিকান কেচি আস্কাৰক পৰাস্ত কৰি আমেৰিকাৰ House of Representativesলৈ নিৰ্বাচিত হয় । ভাৰতীয় মূলৰ আমেৰিকান ডেম’ক্ৰেট সুহাস সুব্ৰমণ্যমেও ভাৰ্জিনিয়াৰ ১০ নং কংগ্ৰেছ জিলাৰ পৰা পুনৰ নিৰ্বাচিত হৈছে ।
এই বিজয়ে ভাৰতীয় মূলৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰাৰম্ভিক সফলতা চিহ্নিত কৰিছে । এই মধ্যকালীন নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছত ক্ষমতাৰ ভাৰসাম্য সলনি কৰিব পাৰে আৰু ২০২৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলৰে ৰাজনৈতিক দিশক প্ৰভাৱিত কৰিব পাৰে।
ভাৰতীয় মূলৰ নিৰ্বাচিত পিয়া দাণ্ডিয়াৰ
ডেম’ক্ৰেটি দলৰ পিয়া দাণ্ডিয়াই ফ্ল’ৰিডাৰ ২২ নং কংগ্ৰেছ জিলাৰ পৰা ৰিপাব্লিকান প্ৰাৰ্থী কেচি আস্কাৰক পৰাস্ত কৰি আমেৰিকাৰ প্ৰতিনিধি সভালৈ নিৰ্বাচিত হয় । ২০২৬ চনৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে ফ্ল’ৰিডাৰ গভৰ্ণৰ ৰন ডিচেণ্টিছৰ কংগ্ৰেছ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰচেষ্টাৰ পিছত এই নতুনকৈ সলনি কৰা জিলাখনত তেওঁৰ বিজয়ে ডেম’ক্ৰেটিক দলৰ বাবে এক জয় কঢ়িয়াই আনিছে।
হাৰলেমৰ এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী তথা হাইস্কুলৰ অধ্যক্ষা দাণ্ডিয়াই পূৰ্বে হোৱাইট হাউছ ফেল’ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এপল (Apple) কোম্পানীত কাম কৰিছিল। ভাৰতীয় মূলৰ পিতৃ-মাতৃৰ । তেওঁ পাম বিচ কাউণ্টিত জন্ম আৰু ডাঙৰ-দীঘল হোৱা দাণ্ডিয়াই শিক্ষা, সহজলভ্যতা আৰু অৰ্থনৈতিক সুযোগক নিজৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কেন্দ্ৰবিন্দু কৰি লৈছিল।
সুহাস সুব্ৰমণ্যমৰ পুনৰ নিৰ্বাচন
ভাৰতীয়-আমেৰিকান ডেম’ক্ৰেট সুহাস সুব্ৰমণ্যমে ভাৰ্জিনিয়াৰ ১০ নং কংগ্ৰেছ জিলাৰ পৰা ৰিপাব্লিকান প্ৰত্যাহ্বানকাৰী ডেভ টি বেকউইথক পৰাস্ত কৰি আমেৰিকাৰ প্ৰতিনিধি সভালৈ পুনৰ নিৰ্বাচিত হয় । সুব্ৰমণ্যমে ৬৩.১৬ শতাংশ ভোট লাভ কৰি ১,৭৩,১০৬ টা ভোট লাভ কৰাৰ বিপৰীতে বেকউইথে ৩৪.৬৬ শতাংশ অৰ্থাৎ ৯৪,৯৯০ টা ভোট লাভ কৰে। স্বতন্ত্ৰ প্ৰাৰ্থী আহচেন মুজীব মালিকে ১.৯৯ শতাংশ (৫,৪৪৪ টা ভোট) লাভ কৰি তৃতীয় স্থান দখল কৰে ।
মেৰিলেণ্ডত অৰুণা মিলাৰৰ বিজয়
মেৰিলেণ্ডত ডেম’ক্ৰেটিক গভৰ্ণৰ ৱেছ মূৰ পুনৰ নিৰ্বাচিত হোৱা বুলি NBC News-এ অনুমান কৰাৰ পিছত ভাৰতীয়-আমেৰিকান লেফটেনেণ্ট গভৰ্ণৰ অৰুণা মিলাৰে আন এক কাৰ্যকাল সুৰক্ষিত কৰে। ডেম’ক্ৰেটিক টিকটত মূৰৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা মিলাৰে প্ৰাক্তন ৰাজ্যিক প্ৰতিনিধি ডেন কক্সেৰ ৰানিং মেট তথা ৰিপাব্লিকান লেফটেনেণ্ট গভৰ্ণৰ পদৰ প্ৰাৰ্থী ৰব ক্ৰপক পৰাস্ত কৰে। তেওঁৰ এই পুনৰ নিৰ্বাচনে দেশৰ অন্যতম সৰ্বোচ্চ ৰাজ্যিক কাৰ্যবাহী কাৰ্যালয়ত ভাৰতীয়-আমেৰিকান প্ৰতিনিধিত্ব ধাৰাবাহিকভাৱে বৰ্তি থকাটো নিশ্চিত কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।