Thursday, 05 November 2026
লগইন
ব্ৰেকিং

সাগৰত ইণ্টাৰনেট কেবল কাটি দিয়াৰ ভাবুকি ইৰানৰ, বিশ্বৰ ইণ্টাৰনেটত ব্যাহত হোৱাৰ সম্ভাৱনা

ইণ্টাৰনেটত কেবল কাটিব ইৰানে !

নিউজ ডেস্ক : পাৰস্য উপসাগৰৰ তলত থকা ইণ্টাৰনেট কেবলসমূহ কাটি দিয়াৰ ভাবুকি দিছে ইৰানে । যদি এয়াই হয় তেতিগ বিশ্বৰ ইণ্টাৰনেট ব্যৱস্থাত বিশেষ প্ৰভাৱ নেপেলালেও উপসাগৰীয় অঞ্চলত ইণ্টাৰনেট ব্যৱহাৰ, অনলাইন পেমেণ্ট আৰু ক্লাউড সেৱা কেইবা সপ্তাহলৈকে ব্যাহত কৰিব পাৰে। যুদ্ধৰ পৰিস্থিতিত ক্ষতিগ্ৰস্ত কেবল মেৰামতি কৰাটো যথেষ্ট কঠিন।

ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, ইৰানৰ দুগৰাকী জ্যেষ্ঠ নিৰাপত্তা বিষয়াই শুকুৰবাৰে জনায় যে আমেৰিকা আৰু ইজৰাইলে পুনৰ ইৰানত আক্ৰমণ চলালে তাৰ প্ৰত্যুত্তৰ হিচাপে সাগৰৰ তলত থকা কেবলসমূহক লক্ষ্য কৰি লোৱাৰ বাবে তেহৰানে বিশদ পৰিকল্পনা প্ৰস্তুত কৰিছে। তেওঁলোকৰ মাজৰ এগৰাকী বিষয়াই কয় যে ব্যাঘাতৰ সময়সীমা বৃদ্ধি কৰিবলৈ ইৰানে কেবলসমূহৰ মেৰামতিৰ কামতো বাধা দিয়াৰ চেষ্টা কৰিব।

পাৰস্য উপসাগৰৰ পৰা আৰব সাগৰলৈ যোৱাৰ সামুদ্ৰিক পথ হিচাপে পৰিচিত হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা এই কেবলসমূহে বিশ্বৰ মুঠ আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট বেণ্ডউইড্থৰ এক শতাংশতকৈও কম অংশ বহন কৰে।

সাধাৰণতে এটা কেবল ক্ষতিগ্ৰস্ত হ’লে ইণ্টাৰনেট সেৱা পৰিচালনাকাৰী সংস্থাসমূহে আন পথেদি ডাটা সৰবৰাহ কৰিব পাৰে। কিন্তু একে সময়তে কেইবাটাও কেবল ক্ষতিগ্ৰস্ত হ’লে পৰিস্থিতি অধিক জটিল হৈ পৰিব। কাৰণ, কেবল মেৰামতিৰ বাবে সীমিত সংখ্যক বিশেষ জাহাজৰ প্ৰয়োজন হয়। তদুপৰি, কোনো দেশৰ জলসীমাত মেৰামতিৰ কাম কৰিবলৈ অনুমতিৰো প্ৰয়োজন হয়।

যুদ্ধৰ সময়ত এই দুয়োটা সুবিধা লাভ কৰাটো কঠিন হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্ৰযুক্তিবিষয়ক সংস্থা আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ (ITU) তথ্য অনুসৰি, বিশ্বৰ প্ৰায় ৯৯ শতাংশ আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট ট্ৰেফিক সাগৰৰ তলত স্থাপন কৰা কেবলৰ জৰিয়তে পৰিবহণ কৰা হয়। এনে কেবলৰ সংখ্যা বিশ্বজুৰি শ শ। ইয়াৰে অধিকাংশৰ ব্যাস সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা পানীৰ নলীৰ সমান বা তাতকৈও কম। প্ৰতিটো কেবলৰ ভিতৰত চুলিৰ সমান পাতল কাঁচৰ আঁহ থাকে, যাৰ জৰিয়তে ডাটা সৰবৰাহ কৰা হয়।
ইয়াৰ উপৰি, কিছুমান সাগৰীয় কেবলৰ জৰিয়তে এখন দেশৰ পৰা আন এখন দেশলৈ বিদ্যুৎও পৰিবহণ কৰা হয়।

হৰমুজ প্ৰণালীৰ সাগৰীয় তলদেশৰ মাজেৰে কেইবাটাও ফাইবাৰ-অপ্টিক কেবল পাৰ হৈ গৈছে। এই প্ৰণালীয়ে ইৰান আৰু ওমানক পৃথক কৰাৰ লগতে পাৰস্য উপসাগৰক ওমান উপসাগৰ আৰু আৰব সাগৰৰ সৈতে সংযোগ কৰে ।
##bigupdate #newsupdate #inetrnationalnews #iran #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।