নিউজ ডেস্ক: ইৰানে হৰমুজ প্ৰণালীৰে চলাচল কৰা জাহাজসমূহক লক্ষ্য কৰিবলৈ নতুন কৌশল অৱলম্বন কৰিছে, যি তেলৰ মূল্য বৃদ্ধি কৰি ৰখা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনক প্ৰভাৱিত কৰাৰ উদ্দেশ্যেৰে কৰা হৈছে বুলি জ্যেষ্ঠ ইৰানী বিষয়াসকলে প্ৰকাশ কৰে। এই সামৰিক অভিযানৰ পৰিসৰ ওমান উপসাগৰ আৰু কাষচৰীয়া উপকূলীয় অঞ্চললৈকে বৃদ্ধি পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় শক্তি পৰিবহণ পথত বাণিজ্যিক জাহাজসমূহৰ বাবে ভাবুকি কঢ়িয়াই আনিছে।
তথ্য অনুসৰি, ২৮ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ (US) আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা তেহৰানে হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা চলাই আহিছে। ৱাশ্বিংটনৰ ওপৰত চাপ সৃষ্টি কৰাৰ উদ্দেশ্যে ইৰাণে এই জলপথেৰে যাতায়াত সীমিত কৰি পেলাইছে। উল্লেখযোগ্য যে, যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ জলপথটোৱেদি বিশ্বৰ প্ৰায় এক-পঞ্চমাংশ তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছ (LNG) পৰিবহণ কৰা হৈছিল।
এই প্ৰণালীটোৰ মাজেৰে হোৱা যাতায়তে ইয়াৰ ভাবুকি আৰু আক্ৰমণসমূহে গুৰুতৰভাৱে হ্ৰাস কৰিছে, যাৰ ফলত তেলৰ মূল্য বৃদ্ধি পাইছে, যদিও কিছু পৰিমাণে তেলৰ পৰিবহণ অব্যাহত আছে।
দুয়োজন বিষয়াই নতুন ৰণনীতিৰ সবিশেষ দিবলৈ অস্বীকাৰ কৰে, কিন্তু এজন বিষয়াই কয় যে, ইৰানে প্ৰায় ১০ দিন পূৰ্বে ইয়াৰ নিষেধাজ্ঞা উলংঘা কৰা বুলি ভবা জাহাজবোৰৰ বিৰুদ্ধে এক ভিন্ন আক্ৰমণাত্মক কৌশল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। লগতে কয় যে, ইয়াৰ ফলত তেনে ধৰণৰ জাহাজসমূহৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।
এই ৰণনীতিৰ ভিতৰত আক্ৰমণৰ ধৰণ আৰু গতি দুয়োটাৰে পৰিৱৰ্তন অন্তৰ্ভুক্ত আছিল, যাৰ এটা উদ্দেশ্য আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ (US) নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত কৰা।
দুজন বিষয়াৰ এজনে কয় যে, বিশ্বব্যাপী তেলৰ মূল্য হ্ৰাস কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ সহযোগী দেশসমূহে কৰা প্ৰচেষ্টাক ব্যৰ্থ কৰাই ইয়াৰ উদ্দেশ্য।
নতুন ৰণনীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত ইৰাণৰ নেতৃত্বৰ সৰ্বোচ্চ পৰ্যায়ত লোৱা হৈছিল আৰু দেশখনৰ শাসকীয় ব্যৱস্থাৰ সৈতে সম্পূৰ্ণৰূপে সমন্বয় কৰা হৈছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
বিনাশ্ৰস্ত 'স্পটাৰ'ব্যৱহাৰ
উল্লেখ্য যে, নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিষয়াই নিশ্চিত কৰিছে যে, ইৰানে এক গুৰুত্বপূৰ্ণ দিশত নিজৰ ৰণনীতি সলনি কৰিছে। বিষয়াজনৰ মতে, আমেৰিকাই ইৰানৰ অধিকাংশ ৰাডাৰ ক্ষমতা ধ্বংস কৰাৰ পিছত, ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পচে (IRGC) আমেৰিকাৰ নৌসেনাৰ জাহাজকে ধৰি সম্ভাৱ্য লক্ষ্যসমূহ চিনাক্ত কৰিবলৈ সৰু সৰু নাওবোৰত নিৰস্ত্ৰ স্পটাৰ (লক্ষ্য নিৰীক্ষক) ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
বিগত সপ্তাহত, পূৰ্বে প্ৰকাশ নোহোৱা এক ঘটনাত, ইৰানী স্পটাৰসকলে এখন পালতৰা নাৱৰ পৰা কাৰ্যকলাপ চলাই ইৰানৰ ইছলামিক ৰিভল্যুশ্যনেৰী গাৰ্ড কৰ্পছ (IRGC)ক লক্ষ্যস্থানসমূহৰ তথ্য যোগান ধৰি আছিল বুলি আমেৰিকাৰ সামৰিক বাহিনীয়ে নিশ্চিত কৰিছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে। আমেৰিকাৰ বাহিনীয়ে জাহাজখনৰ মুখামুখি হয়, ইয়াৰ আৰোহীসকলক জাহাজখন এৰি যাবলৈ কয় আৰু তাৰ পিছত ইয়াক ধ্বংস কৰি দিয়ে। ইয়াত কোনো লোক হতাহত হোৱা নাই বুলি আমেৰিকাৰ বিষয়াজনে জানিবলৈ দিয়ে।
বিষয়াগৰাকীয়ে জনোৱা মতে, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণত নিজৰ নৌসেনা ধ্বংস হোৱাৰ পিছত, ইৰানে নিজৰ বাকী থকা দ্ৰুতবেগী নাওসমূহ বিপদত পেলাবলৈ অনিচ্ছুক হোৱাৰ বাবে জলপ্ৰণালীটোৰ মাজেৰে তেল ৰপ্তানি বৃদ্ধি হোৱাত বাধা দিব পৰা নাছিল।
যুদ্ধখন — আৰু ইয়াৰ মাহিলী ৩ বিলিয়ন ডলাৰৰ ব্যয়, নৱেম্বৰৰ মধ্যৱৰ্তী নিৰ্বাচনৰ বাবে আমেৰিকাৰ নিৰ্বাচনী প্ৰচাৰৰ এক অন্যতম মুখ্য বিষয় হৈ পৰিছে, যিটো নিৰ্বাচনে কংগ্ৰেছৰ নিয়ন্ত্ৰণ কাৰ হাতলৈ যাব তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ কৰিব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপসমূহ বিবেচনা কৰি আছে, কিন্তু তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে তেওঁ পুনৰ আক্ৰমণ নকৰে।
ইফালে, আমেৰিকাই ইৰাণৰ বন্দৰসমূহৰ ওপৰত নিজাকৈ নৌসেনাৰ অৱৰোধ অব্যাহত ৰাখিছে আৰু নিষেধাজ্ঞা বৃদ্ধি কৰিছে, যাতে সংঘাতৰ অন্ত পেলাবলৈ কোনো চুক্তিত উপনীত হ'বৰ বাবে তেহৰাণৰ ওপৰত অৰ্থনৈতিক চাপ বৃদ্ধি কৰিব পৰা যায়।
উল্লেখ্য যে, হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অচলাৱস্থাই গোলকীয় শক্তি বজাৰক অধিক সংকটৰ সন্মুখীন হ'বলৈ এৰি দিছে। ইয়াৰ সমান্তৰালভাৱে আক্ৰমণৰ ভাবুকি, অতিৰিক্ত জাহাজ পৰিবহন ব্যয় আৰু বীমাৰ উচ্চ খৰচে স্বাভাৱিক যাতায়াত ব্যৱস্থা পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাক জটিল কৰি তুলিছে।
স্বতন্ত্ৰ তথ্য অনুসৰি, শেহতীয়া দিনবোৰত এই প্ৰণালীটোৰে যাত্ৰা কৰি থকা বাণিজ্যিক জাহাজসমূহৰ ওপৰত হোৱা আক্ৰমণৰ সংখ্যা যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি পাইছে।
সামুদ্ৰিক নিৰাপত্তা উৎসৰ পৰা লাভ কৰা তথ্য বিশ্লেষণ আৰু ব্ৰিটিছ নৌসেনাৰ সৈতে জড়িত সংস্থা ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচনছ (UKMTO)-লৈ প্ৰেৰণ কৰা প্ৰতিবেদন অনুসৰি, বিগত ৪৮ ঘণ্টাত হৰমুজ অঞ্চলৰ আশে-পাশে টেংকাৰ আৰু অন্যান্য বাণিজ্যিক জাহাজৰ সৈতে জড়িত কমেও পাঁচটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, যাৰ ভিতৰত ড্ৰোন আক্ৰমণো অন্তৰ্ভুক্ত আছে।
UN জাহাজ পৰিবহন সংস্থা, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংগঠনৰ তথ্য অনুসৰি, এই পৰিস্থিতিয়ে ৩-৫ অক্টোবৰৰ আক্ৰমণৰ হাৰৰ সৈতে প্ৰায় মিল দেখুৱাইছে, যিয়ে এক নতুন উত্তেজনা বা সংঘাত বৃদ্ধিৰ দিশলৈ আঙুলিয়াই দিছে।
এজন সামুদ্ৰিক নিৰাপত্তা উৎসৰ তথ্য অনুসৰি, "এটা পৰিকল্পিত আক্ৰমণৰ গতি বৃদ্ধি পোৱা যেন অনুভৱ হৈছে।"
এক বিস্তৃত এলেকাত আক্ৰমণ
বিষয়া কৰ্তৃপক্ষই জনোৱা তথ্য অনুসৰি, নতুন কৌশলৰ অংশ হিচাপে ত্বেহৰাণে তেওঁলোকৰ অভিযানৰ ভৌগোলিক পৰিসৰ হৰমুজ প্ৰণালীৰ সীমা অতিক্ৰমি ওমান উপসাগৰ আৰু অধিক দূৰৈৰ জলভাগলৈকো সম্প্ৰসাৰণ কৰিব।
UKMTO আৰু অঞ্চলটোৰ সামুদ্ৰিক নিৰাপত্তা সংস্থাসমূহলৈ অহা আক্ৰমণৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সামুদ্ৰিক নিৰাপত্তা উৎসসমূহে কৰা বিশ্লেষণে ইংগিত দিয়ে যে এই ঘটনা ইতিমধ্যে ঘটিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ তথ্যই দেখুৱাইছে যে শেহতীয়া দিনবোৰত ইৰানে হৰমুজ প্ৰণালীৰ বাহিৰৰ অঞ্চলসমূহতো জাহাজক লক্ষ্য কৰি লৈছে, যাৰ ভিতৰত কাটাৰ আৰু সংযুক্ত আৰৱ আমিৰাতৰ (UAE) উপকূলৱৰ্তী জলভাগো অন্তৰ্ভুক্ত আছে।
আনহাতে, দ্বিতীয়গৰাকী ইৰাণী বিষয়াই কয় যে, তেহৰানে ট্ৰাম্পক নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে তেলৰ মূল্য হ্ৰাস কৰিবলৈ নিদিয়ে।
বিষয়াগৰাকীয়ে কয়, যেতিয়াই তেওঁলোকে ভাবিব যে তেওঁলোক এনে এটা পৰ্যায়ৰ ওচৰ চাপিছে য’ত দাম কমিব, তেতিয়াই আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠিয়াম। এইয়া এটা দবা খেল। তেনে জাহাজসমূহ কতো সুৰক্ষিত নহ’ব, আনকি হৰমুজ প্ৰণালীৰ বাহিৰতো।"
অৱশ্যে পেন্টাগন আৰু ইৰানৰ বৈদেশিক মন্ত্ৰালয়ে মন্তব্যৰ বাবে কৰা অনুৰোধৰ তৎকালিনভাৱে কোনো সঁহাৰি জনোৱা নাই।
"হৰমুজ প্ৰণালী অতি সোনকালেই সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব," ইৰানৰ এজন শীৰ্ষ বিষয়াৰ এই সতৰ্কবাণী
শেহতীয়াকৈ দুয়োগৰাকী ইৰাণী বিষয়াই কয় যে, তেহৰানে এনে এটা পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে য’ত ইয়াৰ নিষেধাজ্ঞা উলংঘা কৰা কোনো জাহাজেই এই প্ৰণালীৰে পাৰ হ’ব নোৱাৰিব। লগতে এজন বিষয়াই কয়, "অতি সোনকালেই ই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব।"
US নেভিৰ নেতৃত্বাধীন যুটীয়া সামুদ্ৰিক তথ্য কেন্দ্ৰই দেওবাৰে প্ৰকাশ কৰা তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰে যে, হৰমুজ প্ৰণালীত ব্যৱসায়িক জাহাজসমূহৰ প্ৰতি থকা ভাবুকি এতিয়াও "severe" (ভয়াবহ/তীব্ৰ) হৈয়েই আছে। এই ভাবুকিৰ মাত্ৰা হৈছে দ্বিতীয় সৰ্বোচ্চ পৰ্যায়ৰ।
JMIC-এ কয়, "IRGC আক্ৰমণ, আক্ৰমণৰ প্ৰয়াস অথবা হাৰাশাস্তি কৰা কাৰ্যকলাপ অব্যাহত আছিল, যাৰ ভিতৰত আছিল UAV ওপৰেৰে উৰি যোৱা, বাণিজ্যিক জাহাজসমূহৰ ওপৰত লক্ষ্যভিত্তিক চোৰাংচোৱা ড্ৰেষ্টি ৰখা, আৰু মাজে-সময়ে VHF ৰেডিঅ’ৰ জৰিয়তে যোগাযোগ বা সতৰ্ক কৰা।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।