নিউজ ডেস্ক : ইৰানে মঙলবাৰে পাকিস্তানৰ সেনা প্ৰধানক স্পষ্ট কৰি দিয়ে যে, ইৰাণৰ দাবীসমূহ পূৰণ নোহোৱালৈকে মধ্যস্থতাকাৰী হিচাপে পাকিস্তানৰ প্ৰচেষ্টাৰ মাজতো তেওঁলোকৰ কঠোৰ স্থিতি প্ৰতিফলিত কৰা ৱাশ্বিংটনৰ সৈতে কোনো আলোচনা নবহে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি, ইৰানৰ ৰাষ্ট্ৰপতি মাচুদ পেজেশ্কিয়ানে তেহৰানত পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শেল আচিম মুনিৰৰ সৈতে এক বৈঠকত মিলিত হৈ আঞ্চলিক উন্নয়ন আৰু মধ্যস্থতাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত পাকিস্তান এক গুৰুত্বপূৰ্ণ মধ্যস্থতাকাৰী দেশ। পূৰ্বৰ মধ্যস্থতাৰ প্ৰচেষ্টাই যোৱা জুন মাহত এক অন্তৰ্ৱৰ্তীকালীন শান্তি চুক্তি উপহাৰ দিছিল, কিন্তু ইয়াৰ কেইসপ্তাহমানৰ পিছতে ইৰান আৰু আমেৰিকাৰ মাজত পুনৰ যুঁজ আৰম্ভ হোৱাৰ বাবে 'ইছলামাবাদ বুজাবুজি চুক্তি' খন অতি সোনকালে ব্যৰ্থ হৈ পৰে।
বৈঠকখনৰ ইৰানী বিৱৰণী অনুসৰি, মুনিৰে ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কালিবাফকো সাক্ষাৎ কৰে, যিয়ে কয় যে, ৱাশ্বিংটনে তেহৰানৰ বিশ্বাস তেতিয়ালৈকে ঘূৰাই পাব নাপায়, যেতিয়ালৈকে ই হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে ইৰানে যোৱা মাহত ধাৰ্য কৰা সাতটা চৰ্ত পূৰণ নকৰে।
উল্লেখ্য যে, এই দাবীসমূহৰ ভিতৰত আছে ইয়াৰ বন্দৰসমূহৰ ওপৰত আৰোপ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱৰোধ প্ৰত্যাহাৰ কৰা, ইয়াৰ তেল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা আৰু লগতে সকলো আঞ্চলিক ফ্ৰণ্টত শত্ৰুতাৰ অন্ত পেলোৱা।
ইৰানৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ইৰানৰ নিৰাপত্তা প্ৰধান মহচেন ৰেজাইয়ে মুনিৰৰ সৈতে হোৱা এক সুকীয়া বৈঠকত অনুৰূপ বাৰ্তা প্ৰদান কৰি কয় যে, তেহৰাণৰ দাবীসমূহ পূৰণ নোহোৱালৈকে ৱাশ্বিংটনৰ সৈতে কোনো আলোচনা নহয়।
লগতে ৰেছাইয়ে উল্লেখ কৰে যে, সকলো সমৃদ্ধ ইউৰেনিয়াম ইৰানতে থাকিব। তেওঁ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মোজতবা খামেনেইৰ স্থিতি দোহাৰে যে অস্ত্ৰ তৈয়াৰ কৰাৰ উপযোগী ইউৰেনিয়াম বিদেশলৈ পঠোৱা উচিত নহয়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেঞ্চে চলিত মাহৰ আৰম্ভণিতে জনায় যে, আমেৰিকাৰ দাবীসমূহ পূৰণ কৰিবলৈ আৰু দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণে ইয়াৰ ইউৰেনিয়াম সমৃদ্ধকৰণ ক্ষমতা "অৰ্থপূৰ্ণভাৱে" হ্ৰাস কৰিব লাগিব।
ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য পশ্চিমীয়া দেশসমূহে ইৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা চলাই থকা বুলি দীৰ্ঘদিনৰে পৰা অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ প্ৰমাণ হিচাপে তেওঁলোকে ইৰানে ইউৰেনিয়াম ৬০% লৈ সমৃদ্ধ কৰাৰ পদক্ষেপটোলৈ আঙুলিয়াই দিয়ে, যিটো অসামৰিক কাৰ্যত ব্যৱহাৰতকৈ বহুত বেছি আৰু পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা ৯০% ৰ খুবেই ওচৰত।
উল্লেখ্য যে, ইৰানে পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰাৰ কথা অস্বীকাৰ কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।