নিউজ ডেস্ক: ভাৰত আৰু লেটিন আমেৰিকাৰ দৰে দেশৰ সৈতে নতুন মিত্ৰতা গঢ়ি তোলাৰ বাবে আহ্বান নেতান্যাহুৰ
দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সকীয়াই দিয়ে যে, ভৱিষ্যতে ইজৰাইলে এক বৈৰীভাৱাপন্ন আমেৰিকা যুক্তৰাষ্ট্ৰ (US) প্ৰশাসনৰ সন্মুখীন হ’ব পাৰে, যিয়ে সম্ভাৱ্যভাৱে ৱাশ্বিংটনৰ সৈতে দেশখনৰ সামৰিক সহায় আৰু কৌশলগত সম্পৰ্কক বিপদাপন্ন কৰিব পাৰে। ২৭ অক্টোবৰৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ৯ দিন পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন সভাত নিজৰ সুৰক্ষা নীতি উপস্থাপন কৰি এই মন্তব্য কৰে। তেওঁ কয় যে , নিজৰ দেশৰ স্থিতি শক্তিশালী কৰিবলৈ ইজৰাইলে ভাৰত আৰু লেটিন আমেৰিকাৰ দেশসমূহক অন্তৰ্ভুক্ত কৰি নতুন আন্তঃৰাষ্ট্ৰীয় মিত্ৰতা গঢ়ি তুলিব লাগিব।
নেতান্যাহুৰ এই মন্তব্য দেশখনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে, ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পুনৰ নিৰ্বাচনৰ প্ৰচাৰক ৰাজহুৱাভাৱে সমৰ্থন জনোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ পৰা এক শক্তিশালী সমৰ্থন লাভ কৰাৰ কেইঘণ্টামান পূৰ্বে আহিছিল।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰশ্ন কৰে : "দুবছৰৰ ভিতৰত এজন ৰাষ্ট্ৰপতি পুৰুষ হওক বা মহিলাই হওক, ক্ষমতালৈ আহিব পাৰে যি ইজৰাইলৰ প্ৰতি অতি শত্ৰুতামূলক। আপুনি তাৰ সৈতে কেনেকৈ মোকাবিলা কৰিব? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কত আপুনি কেনেকৈ কাম কৰিব? আৰু তাৰ বাহিৰেও, কি সমাধানৰ প্ৰয়োজন হ'ব?"
প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্বৰ অৱশিষ্ট বছৰকেইটাক তেলে আভিভে নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিব লাগিব আৰু একে সময়তে আমেৰিকাৰ নীতিৰ এক নাটকীয় পৰিৱৰ্তনৰ সম্ভাৱনাৰ বাবেও সাজু হ’ব লাগিব।
লগতে কয়, “প্ৰথমতে, ভাল বা বেয়া যিয়েই নহওক কিয়, এই দুবছৰ আৰু তাৰ পিছৰ দুবছৰত আমি আমেৰিকান মঞ্চত যিমান পাৰোঁ সিমান সকলো কৰিব লাগিব।"
"দ্বিতীয় কথাটো হ’ল আন মিত্ৰতা গঢ়ি তোলা। মই এতিয়া আমাৰ অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰৰ বহু দেশৰ সৈতে এই কামটোকে কৰি আছোঁ। ভাৰত কোনো সৰু দেশ নহয়, আৰু এনে বহু দেশ আছে। " ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লেটিন আমেৰিকাৰ ৰাজনৈতিক পৰিৱৰ্তনসমূহক ইজৰাইলৰ মিত্ৰশক্তিৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ আন এক সুযোগ হিচাপে আঙুলিয়াই দি এইদৰে উল্লেখ কৰে।
"লেটিন আমেৰিকাত এক ডাঙৰ পৰিৱৰ্তন ঘটিছে আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে ব্ৰাজিলত এক বৃহৎ সালসলনি হ’ব পাৰে," নেতান্যাহুৱে এই কথা উল্লেখ কৰি লগতে কয় যে, "আমি আমাৰ মিত্ৰতাৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব আৰু এনে ক্ষমতা গঢ়ি তুলিব লাগিব যিয়ে আমাক সকলোৰে বাবে মূল্যৱান কৰি তোলে।"
এইটো প্ৰথমবাৰ নহয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে থকা তেওঁৰ সম্পৰ্ক আৰু ভাৰতৰ প্ৰসংগ উত্থাপন কৰি নেতান্যাহুৱে বিশ্বৰ বুকুত ইজৰাইলৰ ক্ৰমবৰ্ধমান একাকীত্বৰ বিৰুদ্ধে যুক্তি দৰ্শাইছে আৰু তেওঁৰ চৰকাৰৰ কূটনৈতিক সফলতা প্ৰদৰ্শন কৰিছে।
এক দীৰ্ঘদিনীয়া যুদ্ধৰ মাজত বৈধতা হেৰুওৱাৰ ভাবুকি আৰু মিত্ৰতাৰ সমস্যাৰ মোকাবিলা কৰি, নেতানিয়াহুৱে মে’ মাহত এক বহুল প্ৰচাৰিত বিবৃতিত কৈছিল যে তেওঁৰ দেশে "বৃহৎ শক্তি" ভাৰতৰ সৈতে এক "অনন্য সম্পৰ্ক" উপভোগ কৰে, য’ত ইজৰাইলৰ প্ৰতি "অযুত মৰম" আছে।
তথ্য অনুসৰি, ইজৰাইলৰ বহুতো বিশ্লেষকে অনুভৱ কৰে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেম’ক্ৰেট দলৰ মাজত ইজৰাইলৰ প্ৰতি বৃদ্ধি পোৱা ক্ষোভৰ মূল কাৰণ হৈছে বিগত বছৰবোৰত বেনঞ্জামিন নেতান্যাহুৱে লোৱা কিছুমান ভুল বা দুৰ্বল সিদ্ধান্ত।
উল্লেখ্য যে, এইয়া নেতান্যাহুৰ নিৰ্বাচনী প্ৰচাৰৰ মূল আধাৰ আৰু নিৰ্বাচনী সফলতাৰ এক মূল চাবিকাঠী হৈ আহিছে, যাৰ বাবে তেওঁ ইজৰাইলৰ আটাইতকৈ দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।