যদিহে প্ৰতিবাদৰ নামত নাবালকসকলে সম্পত্তি নষ্ট কৰে কৰা তেতিয়া পিতৃ-মাতৃৰ ওপৰত আৰ্থিক দায়বদ্ধতা থাকিব । উত্তৰ ইটালীৰ চহৰসমূহত সপ্তাহ ধৰি হোৱা অশান্তিৰ পিছতে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে আৰু এইসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব।
প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে মঙলবাৰে এই অধ্যাদেশ ঘোষণা কৰে আৰু এই কঠোৰ ব্যৱস্থাক সমৰ্থন কৰি কয় যে সস্পত্তি আৰু চুৰিকাৰ্যক প্ৰতিবাদৰ ৰূপ বুলি যুক্তি দৰ্শাব নোৱাৰি ।
প্ৰধানমন্ত্ৰী মেলোনিয়ে সামাজিক মাধ্যমত কয়, "সম্পত্তি নষ্ট আৰু চুৰ কৰাটো কোনো বৈপ্লৱিক কাম নহয়, সেয়া অপৰাধ।"
নতুন নিয়ম অনুসৰি, এটা প্ৰতিবাদৰ সময়ত জনসাধাৰণৰ নিৰাপত্তা বিপন্ন কৰাৰ বাবে যিকোনো লোকৰ বাবে পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ২০,০০০ ইউৰো পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিবাদকাৰীয়ে মুখ ঢাকি ৰাখিলে বা আনক আঘাত কৰিলে জৰিমনা আৰু শাস্তি অধিক কঠোৰ হ’ব।
অশান্তিৰ সময়ত হোৱা ক্ষতিৰ বাবে কৰ্তৃপক্ষই তাৎক্ষণিক ক্ষতিপূৰণৰ নিৰ্দেশো দিব পাৰিব। যেতিয়া নাবালকসকলে সম্পত্তি ভাঙিব বা লুণ্ঠনৰ বাবে দায়ী হ’ব, তেতিয়া তেওঁলোকৰ পিতৃ-মাতৃক আৰ্থিকভাৱে দায়ী কৰা হ’ব।
এই আইনে ১৪ ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰীক আটক কৰাৰ বাবে আৰক্ষীৰ ক্ষমতাও বৃদ্ধি কৰিছে । আনকি তেওঁলোকে কোনো অপৰাধ নকৰিলেও, যদিহে তেওঁলোকে বিপদ মাতি আনিব পাৰে বুলি প্ৰমাণ থাকে। এনে ক্ষমতা পূৰ্বতে কেৱল প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতহে প্ৰয়োগ হৈছিল ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।