Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া, ঘোষণা মুখ্যমন্ত্ৰীৰ

পাঁচ হাজাৰ চাকৰি ওলাব

নিউজ ডেস্ক: শীঘ্ৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব । শুক্ৰবাৰে নিশা ফেচবুক লাইভযোগে ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,”অসম আৰক্ষীকে ধৰি ৰাজ্যৰ কেইবাটাও বিভাগত মুঠ ৫,৭৩৪টা পদৰ নিযুক্তি প্ৰক্ৰিয়া ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব । ইয়াৰ ভিতৰত অসম আৰক্ষীৰ ২,৬৩৪টা, অসম আৰক্ষীৰ ৰেডিঅ’ সংগঠন (APRO)ৰ ৬৮৪টা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ ৪৮৯টা, বন বিভাগৰ ১,৩০৭টা, হোমগাৰ্ডৰ ৮২৭টা আৰু কাৰাগাৰ বিভাগৰ ১৯১টা পদ অন্তৰ্ভুক্ত কৰা হৈছে।”
তেওঁ লগতে কয়,”চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধাৰ্থে ‘স্বাগত সতীৰ্থ’ নামৰ নতুন প’ৰ্টেলো মুকলি কৰা হ’ব । 
অহা ৭ ডিচেম্বৰত মুকলি হ’বলগীয়া এই প’ৰ্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাৰস্পৰিক বদলি (Mutual Transfer)ৰ সুবিধা লাভ কৰিব পাৰিব।”
ইফালে, CM-AAA আঁচনিৰ আবেদনৰ বাবে অহা ১ জানুৱাৰীৰ পৰা প’ৰ্টেল মুকলি কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই । ফেচবুক লাইভযোগে তেওঁ কয়,” ৰাজ্যৰ ক্ৰীড়া, শিক্ষা-সম্পৰ্কীয় আঁচনি, চৰকাৰী নিযুক্তি আৰু কৰ্মচাৰীৰ প্ৰশাসনিক সুবিধাৰ ক্ষেত্ৰত আগন্তুক দিনৰ বাবে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।”

খেল মহাৰণৰ নতুন সংস্কৰণৰ আৰম্ভণিৰ তাৰিখ, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধনৰাশি প্ৰদান দিন ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ ঘোষণা কৰা অনুসৰি, অহা ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ‘খেল মহাৰণ’ৰ নতুন সংস্কৰণ। প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়ত স্তৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। পৰৱৰ্তী সময়ত ক্ৰমে সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ত খেল মহাৰণ অনুষ্ঠিত কৰা হ’ব।

এইপৰ্যন্ত খেল মহাৰণৰ বাবে ৪০ লাখ খেলুৱৈয়ে প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।আনহাতে, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ হিতাধিকাৰীসকলৰ বাবেও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ঘোষণা অনুসৰি, ২৮ অক্টোবৰত ছেপ্টেম্বৰ মাহৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলৰ বেংক একাউণ্টত জমা কৰা হ’ব। ইয়াৰ উপৰি, ১০ নৱেম্বৰত নৱেম্বৰ মাহৰ ধনৰাশি প্ৰদান কৰা হ’ব।
##bigupdate #newsupdate #job #assampolice #himantabiswasarma #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।