নিউজ ডেস্ক : 'অসম আৰক্ষী জুবিন দাৰ হ*ত্যাৰ ন্যায় পক্ষত নাই'। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে জনতা ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰিলে প্ৰতিবাদকাৰীয়ে ।
মঙলবাৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে । বিধায়ক আৱাস ক'লনীৰ সন্মুখত কৰা প্ৰতিবাদকৰিক আৰক্ষীয়ে আটক কৰে ।
আৰক্ষীয়ে আটক কৰি নিয়া বাছৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীয়ে । 'জুবিনদাৰ মৃত্যুৰ তদন্ত হ'ব লাগিব, পুনৰ চাৰ্জশ্বীট দিয়ক SIT-এ । আদি দাবী উত্থাপন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত অংশ লৈ ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ দাবী উত্থাপন কৰে ।
'জুবিনদাক ন্যায় লাগিবই, হত্যাকাৰীক ফাঁচি দিয়ক...' আদি শ্লোগানেৰে জনতা ভৱনৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ কৰে জুবিন অনুৰাগীয়ে ।
মহানৱমীৰ দিনাই 'WE WANT JUSTICE'..হাতত প্লেকাৰ্ড লৈ দিছপুৰত প্ৰতিবাদ কৰাৰ লগতে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে সংগ্ৰাম চলিব বুলি উল্লেখ কৰিলে প্ৰতিবাদকাৰীয়ে । জুবিন ঘটনাৰ পুনৰ তদন্ত কৰি নতুনকৈ চাৰ্জশ্বীট দাখিল কৰক । বাচি গ'লে নহ'ব কালপ্ৰিটকেইটা। 'আমাক নহয়, জুবিন গাৰ্গৰ অভিযুক্ত শাস্তি দিয়ক। ইয়াত ভণ্ডামি নচলিব'। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দাবীৰে প্ৰতিবাদ কৰিবলৈ অহা ৮০ উৰ্ধৰ ব্যক্তিয়ে ক্ষোভ উজাৰিলে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।