Thursday, 05 November 2026
লগইন
ব্ৰেকিং

হাইলাকান্দি জিলাৰ জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ ৰায়

১৭ বছৰীয়া নাবালকৰ বিৰুদ্ধে কিশোৰীক ধৰ্ষণ-হত্যাৰ অভিযোগ

নিউজ ডেস্ক: অসমৰ হাইলাকান্দি জিলাৰ কিশোৰ ন্যায় বোৰ্ডে এগৰাকী ১৬ বছৰীয়া নাবালিকাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত অভিযুক্ত ১৭ বছৰীয়া এজন কিশোৰক প্ৰাপ্তবয়স্ক হিচাপে বিচাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

হাইলাকান্দি আৰক্ষীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, সংঘটিত অপৰাধৰ জঘন্য প্ৰকৃতি, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা লাভ কৰা এক মানসিক মূল্যায়ন প্ৰতিবেদন, আৰু তদন্তকাৰী বিষয়াগৰাকীয়ে দাখিল কৰা অপৰাধ সম্পৰ্কীয় প্ৰতিবেদন বিবেচনা কৰি জুভেনাইল জাষ্টিচ ব’ৰ্ড (JJB) ৰ প্ৰধান দণ্ডাধীশগৰাকীয়ে এই নিৰ্দেশ প্ৰদান কৰে।

অপৰাধৰ জঘন্য প্ৰকৃতি, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মানসিক মূল্যাংকন প্ৰতিবেদন আৰু লগতে গোচৰটোৰ তদন্তকাৰী বিষয়াই (I/O) দাখিল কৰা অপৰাধৰ প্ৰতিবেদন বিবেচনা কৰি, হাইলাকান্দিৰ জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ প্ৰধান মেজিষ্ট্ৰেটে এজন আইনৰ সৈতে সংঘৰ্ষত লিপ্ত কিশোৰৰ বিচাৰ এজন প্ৰাপ্তবয়স্ক ব্যক্তি হিচাপে চলোৱাৰ নিৰ্দেশ দিয়ে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

তথ্য অনুসৰি, কাকতিচেৰা আৰক্ষী থানাৰ অন্তৰ্গত আলোইচেৰা অঞ্চলত ১ আগষ্টৰ নিশা নিজ গৃহত কিশোৰীগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ দুমাহৰো অধিক সময়ৰ পিছত জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ এই নিৰ্দেশ আহিছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত কিশোৰজনৰ বয়স আছিল ১৭ বছৰ ৫ মাহ।

 আৰক্ষীৰ তথ্য আগষ্ট মাহৰ প্ৰথম সপ্তাহত অভিযুক্ত কিশোৰটোক আটক কৰা হৈছে।

কাটলীচেৰা আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতা আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইন, ২০১২-ৰ একাধিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

এই ঘটনাই সমগ্ৰ অসমৰ বৰাক উপত্যকাত ব্যাপক প্ৰতিবাদৰ সূচনা কৰে, য’ত স্থানীয় বাসিন্দাসকলে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আৰু জড়িতসকলৰ বাবে মৃত্যুদণ্ডৰ দাবী জনায়।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই ঘটনাৰ পাছত তেওঁলোকে প্ৰথমতে পাঁচজন ব্যক্তিক আটক কৰিছিল। প্ৰাৰম্ভিক তদন্তৰ সময়ত আৰক্ষী বিষয়াসকলে কয় যে অভিযুক্তসকলৰ এজন নাবালক আছিল আৰু তদন্তকাৰীসকলে তেওঁক প্ৰাপ্তবয়স্ক হিচাপে বিচাৰ কৰাৰ অনুমতি বিচাৰিছিল।

উল্লেখ্য যে, বিষয়টো তদন্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছিল।
##assam #newsupdate #bigupdate #hailakandi #JJB #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।