Thursday, 05 November 2026
লগইন
ব্ৰেকিং

স্থাপন হ’ব ‘লৌহকন্যা’ লাভলীনা বৰগোঁহাই বক্সিং একাডেমী

স্থাপন হ’ব ‘লৌহকন্যা’ লাভলীনা বৰগোঁহাই বক্সিং একাডেমী

শুক্ৰবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ঘোষণা কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কেবেনেটে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। 

তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কেবিনেটে অলিম্পিক পদক বিজয়ী তথা অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোঁহাইৰ নামত এটা অত্যাধুনিক বক্সিং একাডেমী স্থাপন কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ উদীয়মান বক্সাৰসকলক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে। 

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ ২৫ বছৰীয়া জনসেৱা আৰু ৰাষ্ট্ৰসেৱাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে কেবিনেট বৈঠকত গুৰুতৰভাৱে আলোচনা কৰা হয়। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্ব আৰু অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ বিকাশৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কেবিনেটে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। 

লগতে ৰাজ্যিক কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, পলাশবাৰীৰ হুদুমপুৰ গাঁৱত স্থাপন কৰা হ’ব অসমৰ ‘লৌহকন্যা’ লাভলীনা বৰগোঁহাইৰ বক্সিং একাডেমী। একাডেমী নিৰ্মাণৰ বাবে লাভলীনাক তিনি বিঘা ভূমি আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মাটিৰ বাবে কেবিনেটে প্ৰতিবিঘাৰ প্ৰিমিয়াম মাত্ৰ এক টকালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ তিনিবিঘা মাটিৰ বাবে মুঠ প্ৰিমিয়াম হ’ব মাত্ৰ ৩ টকা। এই পদক্ষেপে অসমত বক্সিঙৰ প্ৰশিক্ষণ আৰু ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

লগতে নগাঁও উপ-নিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
##assam #newsupdate #bigupdate #cmhimantabiswasarma #lovlinaborgohain #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।