অভিযোগ অনুসৰি, বহিঃৰাজ্যৰ পৰা অহা দুই ভণ্ড বাবই কুংকী দেৱী নামৰ এগৰাকী মহিলাক নিচাযুক্ত দ্ৰব্য খুৱাইছিল । ফলত মহিলাগৰাকী অচেতন হৈ পৰে আৰু ইয়াৰ সুযোগ লৈ অভিযুক্তকেইজনে তেওঁৰ ধন, সোণ লুটপাত চলায় ।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে, যাৰ বাবে স্থানীয় ৰাইজ আৰু বজৰং দলৰ সদস্যই অভিযুক্তক আটক কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীক গতাই দিয়ে। অৱশ্যে ঘটনাৰ প্ৰকৃত তথ্য স্পষ্ট হোৱা নাই ।
মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ আৰু ডকাইতিৰ সৈতে বাবা কেইজন জড়িত থকাৰ বিষয়টোক এতিয়ালৈকে স্বতন্ত্ৰভাৱে প্ৰমাণ কৰিব পৰা নাই । উল্লেখ্য যে, দুৰ্গা পূজা উদযাপনৰ মাজতে সংঘটিত এই ঘটনাই স্থানীয় ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে । আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি প্ৰকৃত তথ্য পোহৰলৈ আনিব বুলি আশা কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।