গগৈয়ে কয়,"জুবিন গাৰ্গৰ ন্যায় বিচাৰি পত্নী-ভগ্নীয়ে প্ৰতিবাদ কৰিব লগা হৈছে। এয়া হব নালাগিছিল। জুবিনদাই আমাক কি দি যোৱা নাই? মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰিয়েই হত্যা সংঘটিত হোৱাৰ পিছতো হত্যাকাৰীক শাস্তি প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হৈছে ।"
তেওঁ কয়,"গোটেই তদন্ত প্ৰক্ৰিয়াটোত সুৰুঙা ৰাখি অভিযুক্তসকলক এজন এজনকৈ মুকলি আকাশৰ তললৈ ওলাই যোৱাৰ বাট মুকলি কৰি দিয়া হৈছে। ইয়াৰ সৈতে জড়িত সকলো অভিযুক্তই যেতিয়া মুকলি আকাশৰ তললৈ ওলাই আহিব, তেতিয়া ইয়াৰ মূল দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল’ব লাগিব।"
মুখ্যমন্ত্ৰীৰ দুৰ্বলতা, অনিচ্ছা অথবা উদ্দেশ্যপ্ৰণোদিতভাৱে তদন্ত প্ৰক্ৰিয়াটো পৰিচালনা কৰাৰ ফলতেই দোষীসকলে মুকলি আকাশৰ তললৈ ওলাই যোৱাৰ সুযোগ লাভ কৰিলে নেকি—এই প্ৰশ্ন আজি উত্থাপন হৈছে। সময়ে এই সকলো প্ৰশ্নৰ উত্তৰ দিব আৰু প্ৰকৃত সত্য প্ৰতিষ্ঠা কৰিব নেকি বুলিও প্রশ্ন উত্থাপন কৰে গগৈয়ে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।