নিউজ ডেস্ক : উমি উমি জ্বলি আছে মণিপুৰ । মণিপুৰৰ কামজং জিলাৰ এটা পাহাৰীয়া গাঁৱত দুৰ্বৃত্তই কুকি সম্প্ৰদায়ৰ ১৫টা ঘৰ জ্বলাই দিয়া বুলি জানিব পৰা গৈছে । ইফালে প্ৰাণৰক্ষাৰ বাবে স্থানীয় লোকে বনাঞ্চল আৰু ওচৰৰে এটা সেনা শিবিৰলৈ পলাই যাবলৈ বাধ্য হয় বুলি দেওবাৰে আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰে ।
তেওঁলোকে জনোৱা মতে, শনিবাৰে গভীৰ নিশা সন্দেহযুক্ত উগ্ৰপন্থীয়ে চাচাদ (Chassad) গাঁৱত আক্ৰমণ চলাই ঘৰবোৰত জুই লগাই দিয়ে। সংবাদ সংস্থা পিটিআই (PTI)-ৰ মতে, দেওবাৰে পুৱাৰ ভাগত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গাঁওখনত আক্ৰমণ কৰাৰ ফলত এজন কুকি সম্প্ৰদায়ৰ সাধাৰণ নাগৰিক নিহত হয় আৰু আন চাৰিজন গুলীবিদ্ধ হয় ।
আৰক্ষীয়ে এক বিবৃতিত কয় যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ উক্ত অঞ্চলটোত অসম ৰাইফলছ, সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু কামজং আৰক্ষীৰ এটা যৌথ দল নিয়োগ কৰা হৈছে ।
উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনে (Nemcha Kipgen) চাচাদৰ এই হিংসাত্মক ঘটনাক গৰিহণা দিয়ে আৰু কুকি নাগৰিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত লোকৰ পৰিয়ালসমূহৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে । ঘৰ-দুৱাৰ জ্বলাই দিয়া কাৰ্যকো তেওঁ এক অসহনীয় অপৰাধ বুলি অভিহিত কৰে ।
কিপগেনে কয় যে তেওঁ জিলা প্ৰশাসন, আৰক্ষী আৰু নিৰাপত্তা বাহিনীক ২৪ ঘণ্টাই সতৰ্ক হৈ থাকি, সাধাৰণ নাগৰিকৰ ধন-জন সুৰক্ষিত কৰিবলৈ আৰু দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিছে ।
আন এক সুকীয়া ঘটনাত, শনিবাৰে নিশা কামজং জিলা সদৰত আন এটা সম্প্ৰদায়ৰ প্ৰতিদ্বন্দ্বী সশস্ত্ৰ গোটৰ আক্ৰমণত টাংখুল নগা (Tangkhul Naga) সম্প্ৰদায়ৰ তিনিজন লোক আহত হয় ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।