উল্লেখ্য যে, মঙলবাৰে একাংশ সংবাদ মাধ্যমত অসমৰ বিদ্যালয়সমূহৰ নিৰাপত্তা আৰু শৃংখলা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ জাৰি কৰাৰ খবৰ প্ৰকাশিত হৈছিল।
এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্পষ্ট কৰি দিয়ে যে,বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা নাই।

সংবাদ মাধ্যমৰ যোগেদি শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা জনায় যে, এই সন্দৰ্ভত প্ৰকাশিত বাতৰি সঁচা নহয়। লগতে তেওঁ কয় যে, "অভিভাৱক আৰু নাগৰিকসকলে আমাৰ বিদ্যালয়লৈ গৈ গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে। অৱশ্যে নিয়মীয়া পাঠদানত সমস্যাৰ সৃষ্টি নোহোৱাকৈ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰখাটো সকলোৰে দায়িত্ব।"
প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকৰ নাম আৰু পদবী ব্যৱহাৰ কৰি অনুমোদনবিহীন বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত নুৰুল হুছেইন নামৰ এঘৰাকী চি আৰ চি চিক কাৰণ দৰ্শোৱাৰ জাননী পঠিওৱা হৈছে।
উল্লেখ্য যে, মঙলবাৰে একাংশ সংবাদ মাধ্যমত ৰাজ্যৰ বিদ্যালয়সমূহৰ নিৰাপত্তা আৰু শৃংখলা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ জাৰি কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। সেই মৰ্মে প্ৰাতঃসভা আৰম্ভ হোৱাৰ পূৰ্বেই বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিব লাগিব বুলি উল্লেখ কৰা হৈছিল। লগতে বিদ্যালয় চলি থকা সময়ত বিনা অনুমতিত কোনো ব্যক্তিয়ে বিদ্যালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব বুলিও খবৰ প্ৰকাশ পাইছিল। অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু শিক্ষা বিভাগৰ অনুমোদিত বিষয়া-কৰ্মচাৰীয়েহে প্ৰয়োজন অনুসৰি বিদ্যালয়ত উপস্থিত থাকিব পাৰিব বুলি কোৱা হৈছিল। কিন্তু সেই খবৰ সত্য নহয় বুলি স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।