নিউজ ডেস্ক :মঙলবাৰ নিশা পুনৰ চৌদি আৰৱত মিছাইল আক্ৰমণ ইৰাণ সমৰ্থিত বিদ্ৰোহী গোট হুথীৰ। চৌদি আৰৱৰ চৰকাৰী সংবাদ সংস্থা এছ পি এক প্ৰকাশ কৰা বাতৰি অনুসৰি, চৌদিৰ পূব প্ৰান্তৰ চহৰ ধাহৰানত অৱস্থিত চৌদি আৰামকোৰ এটা প্ৰশাসনিক ভৱনক লক্ষ্য কৰি হুথী বিদ্ৰোহীসকলে আক্ৰমণ চলাইছে ।
মন্ত্ৰালয়টোৱে এক বিবৃতিত প্ৰকাশ কৰা মতে, মঙলবাৰে এই আক্ৰমণৰ ফলত সূত্ৰপাত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আনে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।
চৌদি আৰৱৰ ৰাষ্ট্ৰীয় তেল প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ত হোৱা এই আক্ৰমণৰ কিছু সময় পূৰ্বে মঙলবাৰে য়েমেনৰ হুথীসকলে চৌদি আৰৱৰ তেল প্ৰতিষ্ঠানসমূহৰ ওচৰত থকা সকলো কৰ্মচাৰী আৰু সাধাৰণ নাগৰিকক সেই স্থানসমূহ খালী কৰিবলৈ সতৰ্কবাণী জাৰি কৰিছিল।
হুথী গোটটোৰ মুখপাত্ৰ য়াহ্য ছাৰীয়ে সতৰ্কতা জাৰি কৰি কৈছিল, চৌদিৰ নেতৃত্বাধীন মিত্ৰজোঁটে হুথী নিয়ন্ত্ৰিত ৰাজধানী ছানাত অৱস্থিত 'য়েমেন অইল কোম্পানী' আল-ছাবাহৰ পৰা সাধাৰণ নাগৰিকক স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিছিল । মিত্ৰজোঁটৰ এই নিৰ্দেশৰ প্ৰত্যুত্তৰ দি ছাৰীয়ে সতৰ্ক কৰি দিছিল যে ছানাত চলোৱা যিকোনো আক্ৰমণৰ বিনিময়ত চৌদি আৰৱৰ ৰাজধানী ৰিয়াদত ভয়ানক আক্ৰমণ চলোৱা হ'ব।
এছ পি এৰ প্ৰতিবেদন অনুসৰি, চৌদি আৰৱে ৰিয়াদৰ দিশে হুথীসকলে নিক্ষেপ কৰা মিছাইলসমূহো মাজ আকাশতে প্ৰতিহত কৰে । অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰজনে এছ পি এক জনোৱা মতে, প্ৰতিহত কৰা দুটা মিছাইলৰ ধ্বংসাৱশেষ পৰাৰ ফলত চাৰিজন লোক আহত হয় আৰু ১৫ টা বাসগৃহ ক্ষতিগ্ৰস্ত হয় ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।