Thursday, 05 November 2026
লগইন
ব্ৰেকিং

১৫ দিনৰ পাছত তামিলনাডুৰ পৰা উদ্ধাৰ অসমৰ এগৰাকী অপহৃত নাবালিকা

তামিলনাডুত উদ্ধাৰ অসমৰ অপহৃত নাবালিকা

নিউজ ডেস্ক : অসমৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ পৰা অপহৰণ হোৱা এগৰাকী নাবালিকা ছোৱালীক তামিলনাডুৰ পৰা উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। তথ্য অনুসৰি ,অভিযুক্ত চৌতাৰাৰ বাসিন্দা আব্দুল মান্নানে বিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় ১৫ দিন পূৰ্বে মহিমাৰী গাঁৱৰ পৰা নাবালিকাগৰাকীক অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ পিছতে নাবালিকাগৰাকীৰ পৰিয়ালে গৰৈমাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে, যাৰ ভিত্তিত আৰক্ষীয়ে নাবালিকাগৰাকীৰ সন্ধানত তদন্ত আৰম্ভ কৰে।

সহকাৰী উপ-পৰিদৰ্শক পবিত্ৰ কলিতাৰ নেতৃত্বত আৰু গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল মোমিনৰ তত্বাৱধানত আৰক্ষীৰ এটা দলে পৰৱৰ্তী সময়ত তালাচী অভিযানৰ অংশ হিচাপে তামিলনাডুলৈ ৰাওনা হয়।

শেহতীয়াকৈ আৰক্ষীৰ দলটোৱে তামিলনাডুৰ হোচুঁৰ জিলাৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু এই গোচৰৰ সন্দৰ্ভত মন্নানক গ্ৰেপ্তাৰ কৰে।

অধিক তথ্যৰ বাবে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত আছে বুলি আৰক্ষীয়ে সদৰী কৰে।
##bigupdate #newsupdate #assam #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।