Thursday, 05 November 2026
লগইন
ব্ৰেকিং

আমেৰিকাৰ দুটাকৈ সংস্থাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱান্টেড’ গেংষ্টাৰ

আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱান্টেড’ গেংষ্টাৰ

নিউজ ডেস্ক : ভাৰতৰ অন্যতম ‘মষ্ট ৱান্টেড’ গেংষ্টাৰ হিমাংশু ভাউ ওৰফে হিমাংশু ৰিটোলিয়াক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হয়। মাৰ্কিন চোৰাংচোৱা সংস্থা FBIয়ে তেওঁক গ্ৰেপ্তাৰ কৰা তথ্য অনুসৰি জানিব পৰা গৈছে। হিমাংশুক দীৰ্ঘদিন ধৰি বিচাৰি আছিল আৰক্ষীয়ে। ভাৰতীয় তদন্তকাৰীৰ চকুৰ পৰা সাৰি তেওঁ বিদেশলৈ পলাই গৈছিল। অভিযোগ অনুসৰি, গেংষ্টাৰটোৱে তাৰ পৰাই ভাৰতৰ ভিতৰত অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰি আছিল। সূত্ৰৰ খবৰ অনুসৰি, হিমাংশু কুখ্যাত গেংষ্টাৰ লৰেন্স বিছনয় গোটৰ প্ৰতিদ্বন্দ্বী শিবিৰৰ সৈতে জড়িত। ২০২৩ চনত হিমাংশুৰ বিৰুদ্ধে ইণ্টাৰপোলে ‘ৰেড নোটিচ’ জাৰি কৰা হৈছিল।

তথ্য অনুসৰি, হাৰিয়ানাৰ ৰোহতক জিলাৰ ৰিটোলী গাঁৱৰ বাসিন্দা হিমাংশু কিশোৰ অৱস্থাতেই অপৰাধ জগতৰ সৈতে জড়িত হৈ পৰিছিল। ২০২০ চনত আন কেইগৰাকীমান বন্দীৰ সৈতে তেওঁ কিশোৰ সংশোধনাগাৰৰ পৰা পলাই যায়। হত্যা, হত্যাৰ চেষ্টা, ধনদাবী , প্ৰতাৰণা আৰু ভাবুকি প্ৰদানৰ দৰে অতি কমেও ১৮ টা গোচৰত তেওঁ মূল অভিযুক্ত। দিল্লী আৰক্ষী, হাৰিয়ানা আৰক্ষী আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA) ৰ সন্ধানহীন বা পলাতক অপৰাধীৰ তালিকাত হিমাংশুৰ নাম অন্তৰ্ভুক্ত আছে।

তদন্তকাৰীসকলৰ দাবী অনুসৰি, হিমাংশুৱে বিদেশত থাকিও দিল্লী, হাৰিয়ানা আৰু পঞ্জাৱত নিজৰ অপৰাধৰ ‘নেটৱৰ্ক’ বিস্তাৰ কৰিছে। একাধিক উদ্যোগপতি আৰু ব্যৱসায়ীক হত্যা কৰা তথা তেওঁলোকৰ পৰা ধন দাবী কৰাৰ সৈতে বিভিন্ন সময়ত হিমাংশুৰ নাম সাঙুৰ খাই পৰিছে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, হিমাংশু গেংষ্টাৰ নীৰজ ভৱানাৰ দলৰ সৈতে জড়িত। এই দলটো ভাৰতত সক্ৰিয় হৈ থকা বিষ্ণৈ দলৰ চৰম প্ৰতিদ্বন্দ্বী।

হিমাংশুৰ বিৰুদ্ধে জাৰি কৰা ৰেড নটিচৰ উদ্দেশ্য তেওঁৰ অৱস্থান চিনাক্ত কৰা আৰু হিমাংশুক সাময়িকভাৱে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰা, যাতে পৰৱৰ্তী সময়ত সেই পলাতক অপৰাধীজনক দেশলৈ প্ৰত্যাৰ্পণ কৰাৰ আইনী প্ৰক্ৰিয়াৰ আওতালৈ আনিব পৰা যায়। অৱশ্যে ৰেড নটিচ কোনো আন্তঃৰাষ্ট্ৰীয় গ্ৰেপ্তাৰী পৰোৱানা নহয়। আমেৰিকাত হিমাংশুৰ গ্ৰেপ্তাৰ ভাৰতীয় তদন্তকাৰী সংস্থাসমূহৰ বাবে সুখবৰ। এইবাৰ আনুষ্ঠানিকভাৱে আমেৰিকা চৰকাৰৰ ওচৰত হিমাংশুক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে নতুন দিল্লীয়ে আবেদন জনাব পাৰিব। আইনী প্ৰক্ৰিয়া অনুসৰি গেংষ্টাৰটটোক ভাৰতলৈ ওভতাই আনি বিচাৰৰ আওতালৈ অনা হ’ব।
##bigupdate #newsupdate #america #mostwanted #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।