জোনমণি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়,”বিলাস ইনত হেলেনা ভৰালী আৰু তেওঁৰ আত্মীয়ই মোক আক্রমণ কৰিছিল । মই তেওঁলোকক বহু বুজাবলৈ চেষ্টা কৰিছিলো । তেওঁ আমাক ফোন কৰি আমাক অজ্ঞাত স্থানলৈ যাবলৈ কৈ থানাত আত্মসমর্পণ কৰিছিল ।”
জোনমণিৰ ভাষ্য অনুসৰি, “সেইদিনাৰ সংঘটিত ঘটনাটোৰ পূৰ্বে সম্ভৱত ভূদেৰ ভৰালীয়ে ফোনযোগে আলোচনাৰ বাবে ঘনকান্ত গগৈক মাতি পঠিয়াইছিল। প্রথম অৱস্থাত ঘনকান্ত গগৈয়ে পাৰিলে ফোনযোগে আলোচনাৰ কথা কৈছিল। কিন্তু তেওঁলোকে সন্মুখত বহি আলোচনা কৰাৰ আগ্রহী আছিল, যাৰ বাবে ঘনকান্ত গগৈয়ে নিজৰ বাহনেৰে তালৈ গৈছিল ।”
তেওঁ লগতে কয়,”ব্যৱসায়িক দিশৰ পৰা বিলাস INNৰ পৰা কেতিয়াও লাভ হোৱা নাছিল । বিলাস ইন লীজত লোৱাৰ সময়ত জৰাজীৰ্ণ অৱস্থাত আছিল । পৰৱৰ্তী সময়ত ঘনকান্ত গগৈয়ে বিলাস INNৰ নামত প্রায় ৪০ লাখ মান টকা খৰচ কৰে । বিলাস INNৰ তিনিমাহৰ ভাড়া দিয়াৰ উপৰিও অতিৰিক্ত আঢ়ৈ লাখ টকাও হেলেনা ভৰালীৰ পৰিয়ালক দিয়া হৈছিল ।”
ঘনকান্ত গগৈৰ বিৰুদ্ধে প্রকাশ হোৱা আন আন প্রৱঞ্চনাৰ খৰৰ সন্দৰ্ভত তেওঁৰ পত্নী জোনমণি গগৈয়ে কয়,”যেতিয়া কেতিয়াবা এজন মানুহৰ বেয়া কিবা এটা ঘটনা ঘটে তেতিয়া সেই মানুহজনৰ সকলো কথাই খুচৰি উলিওৱা হয় । গতিকে মই নাভাবো যে পূর্বতে তেনে কিছুমান ঘটনা হৈছিল ।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।