Thursday, 05 November 2026
লগইন
ব্ৰেকিং

আৰব দলসমূহৰ হাতত আছে নেকি ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি?

ভোট চুৰি’ৰ অভিযোগ নেতান্যাহুৰ

নিউজ ডেস্ক : ৯৩ শতাংশ গণনাকেন্দ্ৰত প্ৰায় ৮৬ শতাংশ ভোটগণনা সম্পূৰ্ণ হৈছে। কিন্তু ইজৰাইলত কোনটো দল বা মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এতিয়ালৈকে পোৱা পৰিসংখ্যা অনুসৰি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ লিকুদ পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটে ৫৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, গাদি আইজেনকটৰ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটে লাভ কৰিছে ৪৮খন আসন । ইজৰাইলৰ সংসদ ‘নেছেট’ৰ মুঠ আসনৰ সংখ্যা ১২০খন। সেয়েহে, দেশখনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যাদুকৰী সংখ্যা (মেজিক ফিগাৰ) হৈছে ৬১। কিন্তু কোনো দল বা মিত্ৰজোঁটেই এতিয়ালৈকে সেই সংখ্যা লাভ কৰা নাই ।

ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশৰ মতে, ইজৰাইলত ৰাজনৈতিক অনিশ্চয়তাৰ মাজত চৰকাৰ গঠনৰ ক্ষেত্ৰত আৰব দলসমূহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। প্ৰাথমিক ভোটগণনাৰ পিছত দেখা গৈছে যে তিনিটা আৰব দল—হাদাশ, তাল আৰু বালাদৰ মিত্ৰজোঁটে ১২খন আসন লাভ কৰিছে। আনহাতে, আন এটা আৰব দল ৰাআমে লাভ কৰিছে ৭খন আসন। অৰ্থাৎ, আৰব দলসমূহৰ হাতত আছে মুঠ ১৯খন আসন।

কিন্তু নেতান্যাহুৰ লগতে বিৰোধী মিত্ৰজোঁটেও আৰব দলসমূহৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিব নে নাই, তাক লৈ বহু লোকৰ মাজত সন্দেহ আছে। ইজৰাইলৰ মুঠ জনসংখ্যাৰ মাত্ৰ এক-পঞ্চমাংশ হৈছে আৰব। আৰব বংশোদ্ভূত ইজৰাইলী নাগৰিকসকলৰ এক বৃহৎ অংশৰ অভিযোগ, শিক্ষা, স্বাস্থ্য, বাসস্থানকে ধৰি একাধিক ক্ষেত্ৰত তেওঁলোক ‘বঞ্চিত’। তেওঁলোকৰ এই ‘বঞ্চনা’ৰ বিষয়টোক উত্থাপন কৰিয়েই মূলতঃ ৰাজনৈতিক প্ৰচাৰ চলাইছিল আৰব দলসমূহে।

ইতিমধ্যে মধ্য-বামপন্থী ডেম’ক্ৰেটছৰ নেতা ইয়াইৰ গোলানে আৰব দলসমূহৰ সমৰ্থন লৈ চৰকাৰ গঠনৰ দাবী জনাইছে। কিন্তু নেতানিয়াহুৰ প্ৰতিদ্বন্দ্বী আইজেনকটে এই প্ৰস্তাৱ কিমানদূৰ গ্ৰহণ কৰিব, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ, এফালে গাজাত হামাছৰ সৈতে সংঘাত আৰু আনফালে ছিৰিয়াত ইৰানৰ প্ৰভাৱাধীন হিজবুল্লাৰ সৈতে সংঘাতৰ পৰিৱেশৰ মাজত নেতানিয়াহু চৰকাৰৰ সৈতে কেইবাটাও নীতিগত বিষয়ত আইজেনকটৰ স্পষ্ট মতপাৰ্থক্য আছে।

কিন্তু প্ৰধান বিৰোধী শিবিৰৰ আশংকা, আৰব দলসমূহৰ সহায়ত চৰকাৰ গঠন কৰিলে ইহুদী ভোটাৰসকল ক্ষুব্ধ হ’ব পাৰে।  ইয়াৰ মাজতে ইজৰাইলত ‘ভোট চুৰি’ৰ অভিযোগ তুলিছে নেতান্যাহুৱে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰি তেওঁ দাবী কৰে যে আৰব অধ্যুষিত অঞ্চলৰ গণনাকেন্দ্ৰসমূহত নিৰ্বাচনী অনিয়ম সংঘটিত হৈছে। ভুৱা নথি দেখুৱাই আৰু আনক ভাবুকি দি ভোট লুট কৰাৰ অভিযোগো উত্থাপন কৰিছে তেওঁ। অৱশ্যে, আৰব দলসমূহে নেতানিয়াহুৰ এই অভিযোগ নাকচ কৰিছে।

আৰব দলসমূহৰ বক্তব্য, নেতান্যাহুক ক্ষমতাচ্যুত কৰিবলৈ তেওঁলোকে বিৰোধী মিত্ৰজোঁটক সমৰ্থন কৰিবলৈ সাজু । উল্লেখ্য যে, আৰব দল ৰাআমৰ নেতা মনছুৰ আব্বাছে ২০২১ চনত ইজৰাইলৰ নেতা নাফতালি বেনেট আৰু ইয়াইৰ লাপিদৰ নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটত যোগদান কৰিছিল। কিন্তু অতি সোঁপন্থী দলসমূহে সমৰ্থন প্ৰত্যাহাৰ কৰাত এবছৰৰ ভিতৰতে সেই চৰকাৰৰ পতন ঘটে। পুনৰ প্ৰধানমন্ত্ৰী হয় নেতান্যাহু।

ইজৰাইলৰ নিৰ্বাচনী পদ্ধতি বিশ্বৰ আন সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাসমূহতকৈ পৃথক। ইয়াত ভোটাৰসকলে পোনপটীয়াকৈ কোনো এজন প্ৰাৰ্থীক নিৰ্বাচিত নকৰে। বৰঞ্চ তেওঁলোকে কোনো এটা দল বা উমৈহতীয়াভাৱে প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকাক ভোট দিয়ে, যাক ‘লিষ্ট’ বুলি কোৱা হয়।

তথ্য অনুসৰি, ইজৰাইলৰ আইনসভা ‘নেছেট’ত প্ৰতিনিধিত্ব লাভ কৰিবলৈ কোনো এটা দল বা মিত্ৰজোঁটে কমেও ৩.২৫ শতাংশ ভোট লাভ কৰিব লাগিব। এই ভোটৰ শতাংশৰ ভিত্তিত আসনসমূহ বিতৰণ কৰা হয়। কোনো দল বা মিত্ৰজোঁটে ন্যূনতম ৩.২৫ শতাংশ ভোট লাভ কৰাত ব্যৰ্থ হ’লে, সেই দলটোৱে লাভ কৰিবলগীয়া আসনসমূহ আন দলসমূহৰ মাজত বিতৰণ কৰা হয়।

ইজৰাইলত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ কোনো এটা দল বা মিত্ৰজোঁটৰ নেতাক দেশখনৰ ৰাষ্ট্ৰপতিয়ে ২৮ দিন সময় দিয়ে। প্ৰয়োজন হ’লে অতিৰিক্তভাৱে আৰু দুসপ্তাহ সময় দিয়া হয়। অৱশ্যে, সেই সময়ছোৱাৰ ভিতৰত বৃহত্তম দল বা মিত্ৰজোঁটে চৰকাৰ গঠন কৰাত ব্যৰ্থ হ’লে ৰাষ্ট্ৰপতিয়ে আন এজন নেতাক এই দায়িত্ব দিব পাৰে।

যদি দ্বিতীয়জন নেতায়ো মিত্ৰজোঁট গঠন কৰি চৰকাৰ গঠনত ব্যৰ্থ হয়, তেন্তে ‘নেছেট’ৰ সদস্যসকলে তৃতীয় এজন নেতাক বাছনি কৰিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাব পাৰে। সেই প্ৰচেষ্টাও ব্যৰ্থ হ’লে ইজৰাইলত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।

নতুন চৰকাৰ গঠন নোহোৱালৈকে বিদায়ী প্ৰধানমন্ত্ৰীৰ হাততে তত্ত্বাৱধায়ক চৰকাৰৰ দায়িত্ব অৰ্পণ কৰে ইজৰাইলৰ ৰাষ্ট্ৰপতিয়ে। সেই হিচাপত, বৰ্তমানৰ পৰিস্থিতিত নেতানিয়াহুৱেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ধাৰণা কৰা হৈছে।

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ প্ৰতিবেদন অনুসৰি, ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত ইজৰাইলত পাঁচবাৰ পৃথকে পৃথকে নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰতিবাৰেই মিত্ৰজোঁটৰ ভিতৰত থকা অসন্তুষ্টি প্ৰকাশ্যভাৱে পোহৰলৈ আহিছে।

২০২২ চনৰ নিৰ্বাচনৰ পিছত নেতানিয়াহুৰ নেতৃত্বাধীন লিকুদ পাৰ্টিয়ে ৩২খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত নেতানিয়াহুৱে কেইবাটাও কট্টৰ সোঁপন্থী দলৰ সৈতে মিত্ৰজোঁট গঠন কৰে। ইয়াৰ ফলত তেওঁ আৰু তেওঁৰ মিত্ৰদলসমূহে মুঠ ৬৪খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে।

কিন্তু এইবাৰৰ নিৰ্বাচনত নেতান্যাহুৱে সেই সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰাখিব নোৱাৰিব বুলি প্ৰাৰম্ভিক ফলাফলৰ পৰা ইংগিত পোৱা গৈছে । তথ্য অনুসৰি, ইজৰাইলৰ নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ৪ নৱেম্বৰত ঘোষণা কৰা হ’ব। অৱশ্যে, শুক্ৰবাৰৰ ভিতৰতে নিৰ্বাচনৰ সামগ্ৰিক ছবিখন বহু পৰিমাণে স্পষ্ট হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।
##IsraelElection #Netanyahu #knesset #gadieisenkot

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।