Saturday, 07 November 2026
লগইন

ধন বিতৰণৰ দিন সলনি।

কেতিয়া শিক্ষাৰ্থীয়ে লাভ কৰিব নিযুত মইনা, নিযুত বাবু আঁচনিৰ ধন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনৰ নিযুত মইনা, নিযুত বাবু আঁচনিৰ ধন বিতৰণৰ দিন সলনি কৰা হৈছে। পূৰ্বে ১২ অক্টোবৰত ধন বিতৰণ কৰাৰ কথা আছিল যদিও এতিয়া সেই কাৰ্যসূচীৰ দিন ১৫ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে। এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ১২ অক্টোবৰৰ পৰিৱৰ্তে ১৫ অক্টোবৰত শিক্ষাৰ্থীসকলৰ মাজত দুয়োখন আঁচনিৰ ধন বিতৰণ কৰা হ’ব। এই উপলক্ষে আয়োজিত ধন বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব উপস্থিত থাকিব। অৱশ্যে কাৰ্যসূচীৰ স্থান আৰু সময় সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ কৰা নাই।

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰা আৰু শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক বাধা কমোৱাৰ লক্ষ্যৰে চৰকাৰে এই নিযুত মইনা আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে নিৰ্দিষ্ট চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত যোগ্য ছাত্ৰীসকলক আৰ্থিক সাহায্য দিয়া হয়। বাল্য বিবাহ প্ৰতিৰোধৰ লগতে ছাত্ৰীসকলৰ উচ্চ শিক্ষাত নামভৰ্তি আৰু অধ্য়ন অব্যাহত ৰখাৰ সন্দৰ্ভতো এই আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লক্ষ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে। 

ইয়াৰ বিপৰীতে নিযুত বাবু আঁচনিৰ জৰিয়তেও নিৰ্ধাৰিত চৰকাৰী নীতি- নিৰ্দেশনা মতে যোগ্য ছাত্ৰসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। দুয়োখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে সকাহ দিয়াৰ লগতে উচ্চ শিক্ষাৰ প্ৰতি চৰকাৰে আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

উল্লেখ্য যে, ১৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ধন বিতৰণ কাৰ্যসূচীক লৈ শিক্ষাৰ্থীসকলে অপেক্ষা কৰি আছে। দুয়োখন আঁচনিৰ অধীনত ধন লাভ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত তাৰিখ আৰু সংশ্লিষ্ট বিভাগৰ পৰৱৰ্তী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
##bigupdate #newsupdate #bjpgovernment #himantabiswasarma #nijutmoinascheme #nijutbabuscheme #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।